চিৰাং, 29 ডিচেম্বৰ: চিৰাং জিলাৰ সদৰস্থিত কাজলগাঁও জে এছ বি অসামৰিক চিকিৎসালয়ত ৰোগীৰ চিকিৎসাৰ বাবে পৰ্যাপ্ত যন্ত্ৰপাতি থকাৰ পাচতো অধিকাংশ যন্ত্ৰই ব্যৱহাৰ নোহোৱাৰ পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে, বিটিচিৰ নৱ নিযুক্ত মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে চিকিৎসালয় খন পৰিদৰ্শন কৰি এমাহৰ ভিতৰত চিকিৎসা ব্যৱস্থা নিয়মীয়াকৰণ কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে ৷
বিটিচি প্ৰধান গৰাকীৰ নিৰ্দেশৰ পাচতে তৎপৰ হৈছে চিকিৎসালয় কৰ্তৃপক্ষ ৷ যাৰ বাবে মঙলবাৰে চিকিৎসালয় খনত কাজলগাঁৱৰ অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে চিকিৎসালয় খনত থকা অগ্নি প্ৰতিৰোধী গেছসমূহ পৰীক্ষা কৰাৰ লগতে সাম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পাবলৈ চিকিৎসক, স্বাস্থ্য কৰ্মীয়ে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে সজাগতা অনুষ্ঠান অনুষ্ঠিত কৰে ৷