চিৰাং, 28 মাৰ্চঃ শনিবাৰে ধুবুৰীৰ পৰিস্থিতিৰ বুজ ল'বলৈ উপস্থিত হয় অসম আৰক্ষীৰ আইন শৃঙ্খলাৰ দ্বায়িত্বত থকা অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙ৷ ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লৈ সিঙে কয় যে, "ৰাইজে এই লক ডাউন বুজি পোৱা নাই । ৰাইজক বুজাব লাগিব । কাছাৰৰ ঘটনাৰ সৈতে এই ঘটনাৰ কোনো সংগতি নাই । লগতে কয় অসম আৰক্ষীয়ে যিকোনো প্ৰকাৰে লকডাউন সফল কৰিব । লকডাউন অমান্য কৰা সকলৰ বিৰুদ্ধে আইনী ব্যৱস্থাৰে শাস্তি প্ৰদান কৰাৰ কথাও জনায় সিঙে । তাৰোপৰি লক ডাউনৰ বাবে সেনা মোতায়েনৰ প্ৰয়োজন নহ'ব কাৰণ অসম আৰক্ষীয়ে পৰ্যাপ্ত বুলিও কয় অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জনে । আনহাতে, অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধানজনৰ সৈতে উপস্থিত থাকে জিলা আৰক্ষী অধিক্ষক সিংহ ৰাম মিলি আৰু জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়াসকল ৷
উল্লেখ্য যে, শনিবাৰে বঙাইগাঁও জিলাৰ নিউবঙাইগাঁৱত পুৱা ভাগত লক ডাউন নমনা ব্যক্তিক লাঠীচালনা কৰে আৰক্ষীয়ে ৷ লাঠী চালনাৰ পাচতে ৰাইজে আৰক্ষীলৈ শিলগুটি নিক্ষেপ কৰে ৷ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষীয়ে শুন্যলৈ ৮ জাই গুলি কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হয় ।