অসম

assam

ETV Bharat / state

বিকশিত অসমঃ নলাৰ পানীকে সেৱন চিৰাঙবাসীৰ

চিৰাঙৰ কাশিকত্ৰাত ৰাইজে খোৱাপানীৰ নামত গ্ৰহণ কৰিছে নলাৰ পানী ৷ কিয়নো আদিবাসী লোকৰ বসতি প্ৰধান গাঁৱখনত খোৱাপানীৰ বাবে নাই কোনো সু-পৰিকল্পিত ব্যৱস্থা ৷ বিগত প্ৰায় 17 বছৰে বিটিচিত একছত্ৰী শাসন চলোৱা বিপিএফ দলে উন্নয়নৰ নামত জন সাধাৰণক খোৱাপানীটুপিৰ ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰতো চূড়ান্তভাৱে ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে ৷

Development assam people using drinking water from drain chirang assam etv bharat news
নলাৰ পৰা সংগ্ৰহ খোৱাপানী

By

Published : Jun 29, 2020, 3:03 PM IST

চিৰাং,29 জুন:জলজল পটপটকৈ প্ৰকাশ পাইছে বিটিচি উন্নয়নৰ প্ৰকৃত স্বৰূপ ৷হাগ্ৰামা মহিলাৰীৰ মডেল বিটিচিৰ উন্নয়নৰ বাস্তৱ চিত্ৰখন পোহৰলৈ আহিলে চকু কপালত উঠিব ৰাইজৰ ৷ বিগত প্ৰায় 17 বছৰে বিটিচিত একছত্ৰী শাসন চলোৱা বিপিএফ দলে উন্নয়নৰ নামত জন সাধাৰণক খোৱাপানীটুপিৰ ব্যৱস্থা কৰি দিয়াৰ ক্ষেত্ৰতো চূড়ান্তভাৱে ব্যৰ্থ হোৱা প্ৰতিফলিত হৈছে ৷ চিৰাঙৰ কাশিকত্ৰা আঠীয়াবাৰীত খোৱাপানীৰ নামত গাঁৱবাসীয়ে গ্ৰহণ কৰিবলগীয়া হৈছে নলাৰ পানী ৷ বাৰিষাৰ পৰিপ্ৰেক্ষিতত গাঁওখনৰ সকলো নলা-নৰ্দমা পানীৰে পৰিপূৰ্ণ হোৱা স্বত্বেও ৰাইজে নলাৰ পৰা পানী সংগ্ৰহ কৰিয়ে জীৱন নিৰ্বাহ কৰিবলগীয়া হৈছে ৷ কিয়নো আদিবাসী লোকৰ বসতি প্ৰধান গাঁৱখনত খোৱাপানীৰ বাবে নাই কোনো সু-পৰিকল্পিত ব্যৱস্থা ৷

নলাৰ পৰা সংগ্ৰহ খোৱাপানী

সুদীৰ্ঘ সময়ছোৱাত বিটিচিৰ কোনো এগৰাকী জন প্ৰতিনিধিৰে এই সমস্যা সমাধান কৰাৰ বাবে সময় নোলাল ৷ আগন্তুক নিৰ্বাচনৰ পূৰ্বেও যে, এই সমস্যা সমাধান হ’ব তাৰ আশা তেনেই ক্ষীণ ৷ কিয়নো সম্প্ৰতি বিটিচিত অব্যাহত আছে নিৰ্বাচনী আচৰণবিধি ৷ সেয়ে উক্ত বিধি ভংগ কৰি কোনো ৰাজনৈতিক দলে সমাধান কৰিব নোৱাৰিব যিকোনো সমস্যাৰ লগতে উন্নয়নমূলক কাম-কাজ ৷

বিকশিত অসমৰ নমুনা বিটিচিত

লগতে চাওকঃভয়ংকৰ ৰূপ ধাৰণৰ দিশে লংগাই নৈৰ খহনীয়া

ABOUT THE AUTHOR

...view details