চিৰাং,9 মে’ঃচিৰাঙৰ সীমান্তৱৰ্তী ৰুণিখাটা থানাৰ অন্তৰ্গত তথা দাদগিৰি সীমান্ত আৰক্ষী চকীৰ সমীপৰ দেউশ্ৰী গণেশপুৰত উদ্ধাৰ হৈছে নাবালিকাৰ মৃতদেহ ৷ ঘটনাৰ বিৱৰণী অনুসৰি, বৃহস্পতিবাৰে সন্ধিয়া নিদ্ৰাৰত অৱস্থাত এগৰাকী ন বছৰীয়া কিশোৰীক এৰি মাহীমাকে চুবুৰীয়াৰ ঘৰলৈ যায় ৷ পৰৱৰ্তী সময়ত ঘূৰি আহি কিশোৰীগৰাকীক ঘৰত নেদেখি হুলস্থুল কৰাত গাঁৱবাসীয়ে নিশা কিশোৰীগৰাকীক বিচাৰে যদিও সন্ধান উলিওৱাত ব্যৰ্থ হয় ৷ উপায়ন্তৰ কিশোৰীগৰাকীৰ অভিভাৱকে দাদগিৰি সীমান্ত আৰক্ষী চকীত এইবিষয়ে অৱগত কৰাত আৰক্ষীয়ে গাঁৱবাসীৰ সহযোগত কিশোৰীগৰাকীৰ সন্ধানত নামি পৰে ৷
ইপিনে, শনিবাৰে পুৱা প্ৰায় 9 বজাত গাঁৱখনৰ সমীপৰ হাবিত ছোৱালীজনীৰ কাপোৰ উদ্ধাৰ কৰে স্থানীয় ৰাইজে । এই বিষয়ে আৰক্ষীয়ে সম্ভেদ লাভ কৰি হাবিত অভিযান চলোৱাত বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ হয় কিশোৰী গৰাকীৰ মৃতদেহ । অপহৰণৰ তিনিদিন পিছত উদ্ধাৰ হোৱা কিশোৰী গৰাকীৰ মৃতদেহক কেন্দ্ৰ কৰি স্থানীয় লোকে এয়া এক হত্যাকাণ্ড বুলি দাবী কৰে ৷ কিশোৰী গৰাকীক দুৰ্বৃত্তই ধৰ্ষণ কৰি হত্যা কৰাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ উল্লেখ্য যে, বিগত কিছুদিনত লক্ ডাউনৰ মাজতে বৃদ্ধি পাইছে বিভিন্ন অপৰাধমূলক ঘটনা । ইতিপূৰ্বে ৰুণিখাটা এলেকাত প্ৰায় একে ধৰণৰ অন্য তিনিটা ঘটনা সংঘটিত হৈছে । একাংশ লোকৰ মদ্যপানৰ ফলতে এইধৰণৰ অপৰাধমূলক ঘটনা বৃদ্ধি পাইছে চিৰাঙত ৷