অসম

assam

ETV Bharat / state

চিৰাঙৰ আই নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ - মৃতদেহটো

চিৰাং জিলাৰ মাদাৰপুৰ-নাথুৰবাৰী গাঁৱৰ পৰা বেংতল-ৰানীসুন্দৰি ঘাটৰ ওচৰত মাছ মৰীয়াই প্ৰথমতে প্ৰত্যক্ষ কৰে মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটোৰ বয়স আনুমানিক ৬৫ বছৰ হ’ব বুলি ধাৰণা কৰা হৈছে ।

চিৰাঙৰ আই নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ
চিৰাঙৰ আই নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ

By

Published : Sep 3, 2021, 10:22 PM IST

চিৰাং,3 ছেপ্তেম্বৰ: চিৰাঙৰ আই নৈত অচিনাক্ত মৃতদেহ উদ্ধাৰ । উল্লেখযোগ্য যে, চিৰাং জিলাৰ মাদাৰপুৰ-নাথুৰবাৰী গাঁৱৰ পৰা বেংতল-ৰানীসুন্দৰি ঘাটৰ ওচৰত মাছ মৰীয়াই প্ৰথমতে প্ৰত্যক্ষ কৰে মৃতদেহটো । উদ্ধাৰ হোৱা মৃতদেহটোৰ বয়স আনুমানিক ৬৫ বছৰ হ’ব বুলি ধাৰণা কৰা হৈছে । সন্দেহ কৰা হৈছে, আই নৈ পাৰ হওতেই নৈৰ কোবাল সোঁতত উটি গৈছিল লোকজন ।

সম্প্ৰতি স্থানীয় লোকে উদ্ধাৰ হোৱা মৃতদেহটোৰ পৰিচয় চিনাক্তকৰণৰ বাবে চেষ্টা অব্যাহত ৰাখিছে । ইপিনে মৃতদেহটো উদ্ধাৰ কৰাৰ পাছতে স্থানীয় লোকে আৰক্ষীক খবৰ দিয়ে ৷ উল্লেখযোগ্য যে, কিছুদিন পূৰ্ৱেও উক্ত অঞ্চলটোত আন এটা মৃতদেহ উদ্ধাৰ হৈছিল । বৃহত্তৰ অঞ্চলটো নদী দ্বীপৰ দৰে চাৰিওদিশে আই, নাঙলভাঙা, লাংকাৰ আদি নৈয়ে আবৃত কৰি ৰাখিছে ৷

আনহাতে অঞ্চলটোত উপযুক্ত যাতায়াত বা নৈ পাৰ হোৱাৰ বাবে কোনো দলং নথকাত এনেধৰণৰ বিক্ষিপ্ত ঘটনা সংঘটিত হৈ অহাৰ অভিযো উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ অতি পৰিতাপৰ কথা যে, আজিকোপতি চৰকাৰে অঞ্চলটোলৈ যাতায়ত ব্যৱস্থাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা নকৰাৰ বাবেই এনে ধৰণৰ ঘটনা সংঘটিত হৈ আহিছে ৷

ইপিনে দৰিদ্ৰ লোকসকলে নাৱৰে পাৰ হ’বলৈ নাৱৰীয়াক 40 পৰা 50 টকা দিব লাগে ৷ কিন্তু দৰিদ্ৰ লোকসকলে টকাৰ অভাৱৰ বাবে নাৱত যাব নোৱাৰি খোজকাঢ়ি নৈ পাৰ হোৱাৰ বাবে নৈৰ কোবাল সোঁতত উটি যোৱাৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হৈছে ৷

লগতে পঢ়কঃ আমেৰিকাই ল'লে প্ৰতিশোধ : আফগানিস্তানত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এয়াৰ ষ্ট্ৰাইক

ABOUT THE AUTHOR

...view details