চিৰাং, 26 অক্টোবৰ: সমগ্ৰ ৰাজ্যৰ লগতে চিৰাং জিলাতো সফল ভাৱে উদযাপন কৰা হয় দশমীৰ দেৱী বিসৰ্জন পৰ্ব ৷ জিলাখনৰ শতাধিক পুজা কমিটীয়ে দুপৰীয়া 1 বজাৰ পিচতে আৰম্ভ কৰে দেৱী বিসৰ্জন পৰ্ব ৷ বিয়লি 5 বজাৰ পূৰ্বেই সকলো বিসৰ্জন সমাপ্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল প্ৰশাসনে ৷
সেই মতেই জিলাখনৰ শতাধিক পুজা কমিটীয়ে দূপৰীয়া 1 বজাৰ পৰা আৰম্ভ কৰি 5 বজাৰ পুৰ্বেই সকলো দেৱীৰ বিসৰ্জন সমাপ্ত কৰে ৷ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰি জিলাখনৰ ডাংতল,ছিদলী,বাসুগাঁও,ৰুনিখাতা,পানবাৰী,আমগুৰি,বিজনী আদি ঠাইত শান্তিপূৰ্ণভাৱে বিসৰ্জন কাৰ্যসূচী সমাপ্ত হয় ৷