চিৰাং , 8 এপ্ৰিলঃ অতিকে আদৰৰ ৰঙালি বহুটি আহি পদূলিমুখ পালেহি ৷ এই ৰঙালি বিহুটিক অসমৰ কোঁচ ৰাজবংশী সকলে বিষুৱা উৎসৱ হিচাপে উদযাপন কৰে । সেয়ে বঙাইগাঁৱত পহিলা বহাগৰ দিনা কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিষুৱা উদযাপনৰ ব্যাপক প্ৰস্তুতি পৰিলক্ষিত হয়।
বঙাইগাঁৱত বিষুৱা উপলক্ষে নৃত্য কৰ্মশালা - নৃত্য কৰ্মশালা
অসমৰ কোঁচ ৰাজবংশী সকলে ৰঙালি বিহুটিক বিষুৱা হিচাপে উদযাপন কৰি আহিছে অতীজৰে পৰা । বঙাইগাঁৱত পহিলা বহাগৰ দিনা কোঁচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ বিষুৱা উদযাপনৰ ব্যাপক প্ৰস্তুতি

বঙাইগাঁৱত বিষুৱা উপলক্ষে নৃত্যৰ কৰ্মশালা
বঙাইগাঁৱত বিষুৱা উপলক্ষে নৃত্যৰ কৰ্মশালা
বঙাইগাঁৱত বিষুৱা উপলক্ষে কোঁচ ৰাজবংশী জাতীয় সাংস্কৃতিক প্ৰকল্পৰ উদ্যোগত 5 আৰু 6 এপ্ৰিলত দুদিনীয়া কাৰ্যসূচীৰে এক সাংস্কৃতিক কৰ্মশালা অনুষ্ঠিত হয় । জিলাখনৰ নৰ্থ বইটামাৰী ছোৱালী হাইস্কুল প্ৰাংগণত অনুষ্ঠিত এই কৰ্মশালাত গোৱালিনী নৃত্য, কুশান নৃত্য,বাঁশ নৃত্য আদিৰ প্ৰশিক্ষণ দিয়া হয় । এই প্ৰশিক্ষণত শতাধিক স্থানীয় শিশু, স্কুলীয়া ছাত্ৰীৰ লগতে স্থানীয় যুৱতী আৰু মহিলাসকলে অংশ গ্ৰহণ কৰে ৷ এই কৰ্মশালাত প্ৰশিক্ষণ দিয়ে নৃত্য শিল্পী প্ৰীতম কোঁচে ৷