চিৰাঙৰ বিজনীত উপস্থিত চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা - লোকসভা নিৰ্বাচন
বিজেপি আৰু তেওঁলোকৰ সহযোগী দলক পৰাস্ত কৰা, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা, ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ দিশত গুৰুত্ব আৰোপ কৰাৰ লক্ষ্যৰে নিৰ্বাচনত অৱতীৰ্ণ কোকৰাঝাৰৰ প্ৰাৰ্থী বিৰাজ ডেকা
![চিৰাঙৰ বিজনীত উপস্থিত চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-2847808-711-d5d67a2c-634d-4792-8be6-1e53ea043813.jpg)
কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা
চিৰাং, 30 মাৰ্চঃসমাগত লোকসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দল সমূহৰ মাজত ৷ শনিবাৰে সন্ধিয়া চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকাই বিজনী চহৰৰ দলীয় কাৰ্যালয়ত উপস্থিত হৈ অংশগ্ৰহণ কৰে এক দলীয় সভাত ৷ দলীয় সভাত অংশগ্ৰহণ কৰিয়েই বিজেপি আৰু তেওঁলোকৰ সহযোগী দলক পৰাস্ত কৰা, নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা, ধৰ্ম নিৰপেক্ষ গণতান্ত্ৰিক চৰকাৰ গঠন কৰাৰ দিশত গুৰুত্ব আৰোপ কৰাৰ কথা উল্লেখ কৰে প্ৰাৰ্থীগৰাকীয়ে ৷
কোকৰাঝাৰ লোকসভা সমষ্টিৰ চি পি আই (এম)ৰ প্ৰাৰ্থী বিৰাজ ডেকা