অসম

assam

ETV Bharat / state

চিদলীত জব্দ অবৈধভাৱে গৰু কঢ়িয়াই অনা বাহন - cow smuggler caught at chirang sidli

চিৰাঙৰ চিদলীত অবৈধভাৱে গৰু কঢ়িয়াই অনা বাহন জব্দ ৷ EUP51AT8229 নম্বৰৰ বাহনখনে উত্তৰ প্ৰদেশৰ পৰা শ্ৰীৰামপুৰ হৈ চিদলীৰ ৩১নং চি ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি থাকোতে সোমবাৰে পুৱতি নিশা আৰক্ষীয়ে বহনখন জব্দ কৰে ৷ বাহনখনে অবৈধভাৱে কঢ়িয়াই আনিছিল 32টাকৈ গৰু ৷

চিৰাঙৰ চিদলীত অবৈধভাৱে গৰু কঢ়িয়াই অনা বাহন জব্দ

By

Published : Nov 19, 2019, 6:34 PM IST

চিৰাং, 19 নৱেম্বৰঃ চিৰাঙৰ চিদলীত অবৈধভাৱে গৰু কঢ়িয়াই অনা বাহন জব্দ ৷ EUP51AT8229 নম্বৰৰ বাহনখন উত্তৰ প্ৰদেশৰ পৰা শ্ৰীৰামপুৰ হৈ চিদলীৰ ৩১নং চি ৰাষ্ট্ৰীয় ঘাই পথেৰে আহি থাকোতে সোমবাৰে পুৱতি নিশা আৰক্ষীয়ে বাহনখন জব্দ কৰে ৷ বাহনখনে অবৈধভাৱে কঢ়িয়াই আনিছিল 32টাকৈ গৰু ৷ গৰুকেইটা জব্দ কৰি আৰক্ষীয়ে সম্প্ৰতি চিৰাঙৰ খাগ্ৰাবাৰীত থকা পতঞ্জলিৰ গো-শালাত ৰখাৰ ব্যৱস্থা কৰিছে ৷

চিৰাঙৰ চিদলীত অবৈধভাৱে গৰু কঢ়িয়াই অনা বাহন জব্দ

আনহাতে, অবৈধ ভাৱে কঢ়িয়াই অনা গৰুসমূহৰ সৰবৰাহকাৰীৰ বিৰুদ্ধে চিদলী থানাত ভাৰতীয় দণ্ডবিধিৰ ৪২৯ ধাৰা আৰু ১৯৬০ চনৰ এনিমেল ক্ৰুৱেল্টী এক্ট প্ৰতিৰোধী আইনৰ ১১ (এ)(ডি) ধাৰা মতে ৫৮/১৯ নং গোচৰ পঞ্জীয়ন কৰা হৈছে ৷ কিন্তু এইপৰ্যন্ত অনুষ্ঠানিকভাৱে কোনো তথ্য প্ৰকাশ কৰা নাই আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

...view details