অসম

assam

ETV Bharat / state

চিৰাঙত ১০৮ সেৱাৰ কৰ্মচাৰীক আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ অভিযোগ - চিৰাং

চিৰাঙত নিশা কোভিড যোদ্ধা হিচাপে কাম কৰি থকা ১০৮ মৃত‍্যুঞ্জয় জৰুৰীকালীন এম্মুলেঞ্চ সেৱাৰ কৰ্মচাৰীক আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ । বিহিত ব্যৱস্থা গ্ৰহণ নকৰালৈ ১০৮ সেৱা বন্ধৰ হুংকাৰ ।

চিৰাঙত ক'ভিড যোদ্ধা ১০৮ সেৱাৰ কৰ্মচাৰীক আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ অভিযোগ
চিৰাঙত ক'ভিড যোদ্ধা ১০৮ সেৱাৰ কৰ্মচাৰীক আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ অভিযোগ

By

Published : Jun 24, 2020, 3:41 AM IST

Updated : Jun 24, 2020, 7:32 AM IST

চিৰাং, 24 জুনঃ চিৰাং জিলাত কোভিড যোদ্ধাৰ বিৰুদ্ধে আৰক্ষীয়ে দুৰ্ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ অভিযোগ অনুসৰি,সোমবাৰে নিশা 11 মান বজাত COVID-19 ৰোগী ভাৰত-ভূটান সীমান্তৰ শান্তিপুৰত থৈ উভতি অহাৰ সময়ত শোলমাৰী ধাবাৰ সন্মুখত ৰাষ্ট্ৰীয় ঘাই পথত চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে দলৰ সৈতে এম্বুলেন্সখন ৰখায় ৷ তাৰ পাচত এম্বুলেন্সখনৰ তালাচী চলাই আৰু এম্বুলেঞ্চৰ চালক ভদ্ৰজিত নাৰ্জাৰী আৰু জৰুৰীকালীন ১০৮ মৃত‍্যুঞ্জয় সেৱাৰ স্বাস্থ্য বিষয়া জগদ্বীপ শৰ্মাক দুৰ্ব্যৱহাৰ কৰে ।

চিৰাঙত ১০৮ সেৱাৰ কৰ্মচাৰীক আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ অভিযোগ

আৰক্ষী গৰাকীয়ে তেওঁলোকক এম্বুলেঞ্চত কিয় ছাইৰেন বজোৱা নাই বা জৰুৰী সেৱাৰ লাইট কিয় জ্বলোৱা নাই বুলি প্ৰশ্ন কৰে ৷ আচলতে ৰোগী নথকা অৱস্থাত এম্বুলেঞ্চবোৰত ছাইৰেন আৰু জৰুৰী লাইট নজ্বলায় বুলি বুজাই দিয়াৰ পিচতো আৰক্ষীৰ দলটোৱে অশ্ৰাব্য ভাষাৰে গালি দিয়ে বুলি অভিযোগ কৰে জৰুৰী স্বাস্থ্য সেৱাৰ বিষয়া জগদ্বীপ শৰ্মাই ।

শৰ্মাই আৰু কয় যে,কোভিডৰ কামত যোৱাৰ কথা কোৱাৰ পিচতো দুৰ্ব্যৱহাৰ কৰাৰ লগতে আৰক্ষীয়ে এম্বুলেঞ্চৰ দলটোৰ পৰা মোবাইল কাঢ়ি লোৱাৰ লগতে পৰিচয় পত্ৰও কাঢ়ি লয় আৰু তেওঁলোকৰ বিৰুদ্ধে গোচৰ দিয়াৰ ভাবুকি দিয়ে । তাৰ পিচত অপমান কৰি তেওঁলোকক যাবলৈ দিয়ে । দলটো এম্বুলেঞ্চ লৈ আগবাঢ়ি অহাত সুন্দৰীত পুনৰ তেওঁলোকক গাড়ী ৰখাই অপমান কৰে । অৱশেষত দলটোৱে অতিৰিক্ত উপায়ুক্তক ফোন কৰাৰ পিচতহে যাবলৈ দিয়াৰ কথা জনায় ১০৮ সেৱাৰ দলটোৱে ।

চিৰাঙত ১০৮ সেৱাৰ কৰ্মচাৰীক আৰক্ষীৰ দুৰ্ব্যৱহাৰৰ অভিযোগ

দিনে নিশাই এই কোভিড যোদ্ধাসকলে নিজৰ কৰ্তব্য নিয়োজিত হৈ থকাৰ পিচতো আৰক্ষীয়ে এই ধৰণৰ ঘটনা সংঘটিত কৰাত বিভিন্ন মহলে গৰিহণা দিয়ে ।

দলটোৱে আজি বিয়লি জিলা উপায়ুক্ত আৰু অতিৰিক্ত আৰক্ষী অধিক্ষকক স্মাৰকপত্ৰ প্ৰদান কৰে ৷ লগতে তেওঁলোকে দাবী জনায় যে কোভিড যোদ্ধাক আৰক্ষীয়ে এই ধৰণৰ দুৰ্ব্যৱহাৰ কৰিলে যেতিয়ালৈ বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈ নিশাৰ ভাগত ১০৮ মৃত্যঞ্জয় জৰুৰীকালিন সেৱা বন্ধ ৰখা হ'ব পাৰে ৷

জিলা উপায়ুক্তক সাক্ষাৎ কৰি বিতং ঘটনা অৱগত কৰাত জিলা উপায়ুক্তই এই ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণৰ আস্বাস প্ৰদান কৰিছে বুলি জনায় ৷

উল্লেখ্য যে,যোৱা ২৪ মে চিৰাং জিলাৰ আমগুৰি থানাৰ অন্তৰ্গত আমটেকা স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক আৰু ফাৰ্মাচিষ্টক প্ৰহাৰ কৰিছিল আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰচন্দ্ৰ দলে'য়ে । তাৰ পিচতে জিলা স্বাস্থ্য বিভাগৰ প্ৰতিবাদৰ পিচত আমগুৰি থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সুৰচন্দ্ৰ দলেক নিলম্বন কৰিছিল জিলা আৰক্ষী অধিক্ষকে ।

লগতে পঢ়কঃ বৰপেটা মেডিকেল কলেজ হাস্পতালৰ 9 গৰাকীক কোৱাৰেন্টাইন

Last Updated : Jun 24, 2020, 7:32 AM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details