চিৰাং, 15 জুনঃ কৰ'ণা আক্ৰান্ত লোকক চিকিৎসাৰ সময়ত দৰৱ যোগান ধৰাৰ বাবে বঙাইগাঁৱৰ আই টি আই আৰু পলিটেকনিকৰ প্ৰবক্তাসকলে সাজি উলিয়ালে ৰিম'ট কন্ট্ৰ'ল বাহন ৷ কৰ’ণা আক্ৰান্তৰ পৰা যাতে স্বাস্থ্যকৰ্মীলৈ এই ৰোগ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰবক্তাসকলে সাজি উলিয়াইছে এই অত্যাধুনিক যন্ত্ৰ ৷ অত্যাধুনিক বাহনখন ব্যৱহাৰৰ বাবে প্ৰদান কৰা হ'ব বঙাইগাঁও অসামৰিক চিকিৎসালয়ত ৷
এতিয়াৰে পৰা বঙাইগাঁৱত কৰ'ণা ৰোগীক দৰৱ যোগান ধৰিব ৰিম'ট কন্ট্ৰ'ল বাহনে - ডঃ এম.এচ লক্ষ্মীপ্ৰিয়া
কৰ’ণা আক্ৰান্তৰ পৰা যাতে স্বাস্থ্যকৰ্মীলৈ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁৱৰ আই টি আই আৰু পলিটেকনিকৰ প্ৰবক্তাসকলে সাজি উলিয়ালে ৰিম'ট কন্ট্ৰ'ল বাহন ৷ যি বাহনে কৰ'ণা আক্ৰান্ত ৰোগীসকলক যোগান ধৰিব দৰৱ ৷

দেওবাৰে বঙাইগাঁও জিলাৰ জেল্কাঝাৰত মুলাগাঁও গাঁও পঞ্চায়তে ৰাইজৰ সহযোগত সাজি উলিওৱা কোৱাৰেণ্টাইন গৃহ মুকলি কৰি, অত্যাধুনিক বাহন খনো মুকলি কৰে যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী আৰু জিলা উপায়ুক্ত ডঃ এম.এচ লক্ষ্মীপ্ৰিয়াই ৷ এই বাহনে জিলাখনৰ স্বাস্থ্যকৰ্মী সকলক সকাহ প্ৰদান কৰিব ৷ উল্লেখ্য যে, বঙাইগাঁও জিলা প্ৰশাসনে 'মিলিজুলি' নামেৰে এক প্ৰকল্প হাতত লৈ কৰ'ণা মহামাৰীৰ বিৰুদ্ধে অহৰ্নিশে কাম কৰি গৈছে ৷ জিলাখনত এতিয়ালৈ মুঠ ৩৮ জন লোক কৰ'ণাত আক্ৰান্ত হৈছে যদিও, অধিকাংশ লোকেই ইতিমধ্যে আৰোগ্য লাভ কৰিছে ৷
লগতে পঢ়কঃঅসমত কোভিড-19 ৰ শেহতীয়া পৰিস্থিতি