অসম

assam

ETV Bharat / state

17 বছৰে সম্পূৰ্ণ হৈ নুঠিল চিৰাঙৰ বাৰীগাৰাৰ এখন দলং - নিৰ্মীয়মাণ দলঙৰ নামত ব্যাপক দুৰ্নীতি

আজিলৈ সম্পূৰ্ণ হৈ নুঠিল চিৰাং জিলাৰ বাৰীগাৰাৰ এমজিএনৰেগা আঁচনিৰ অধীনত নিৰ্মীয়মাণ দলং ৷ ৰাইজৰ অভিযোগ বিগত 17 বছৰে দলং খনক লৈ ৰাজনীতি কৰি গৈছে বিপিএফ চৰকাৰে ৷

As_Chg_01_Chirang Half made bridge _vis_10012
As_Chg_01_Chirang Half made bridge _vis_10012

By

Published : Jul 3, 2020, 8:03 PM IST

চিৰাং, 3 জুলাইঃ২০১৬-১৭ বৰ্ষত এমজিএনৰেগা আঁচনিৰ অধীনত চিৰাং জিলাৰ কাজলগাঁও পৰিষদীয় সমষ্টিৰ ভিৰাংগাঁও ভিচিডিচিৰ অন্তৰ্গত, বাৰীগাৰাৰ নিৰ্মীয়মাণ দলঙৰ নামত ব্যাপক দুৰ্নীতিৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ৷ স্থানীয় ৰাইজৰ অভিযোগ, বিগত 17 বছৰে বিপিএফ নেতৃত্বাধীন চৰকাৰে দলং খন নিৰ্মাণক লৈ কৰি আহিছে কেৱল ৰাজনীতি ৷ স্থানীয় লোকে জানিবলৈ দিয়া অনুসৰি, দলং নিৰ্মাণৰ বাবদ চৰকাৰে আৱণ্টন দিছিল প্ৰায় 10 লক্ষাধিক টকা ৷ কিন্তু পকী দলঙৰ নামত দুটামান খুটা পুতিয়েই সমুদায় ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

17 বছৰে সম্পূৰ্ণ হৈ নুঠিল চিৰাঙৰ বাৰীগাৰাৰ এখন দলং

দলং খন নিৰ্মাণৰ বাবে চৰকাৰে বহুবাৰ আধাৰশিলা স্থাপন কৰিছিল যদিও, আজিলৈ সম্পূৰ্ণ হৈ নুঠিল দলং নিৰ্মাণৰ কাম ৷ মেৰামতিৰ অভাৱত জহি-খহি যোৱা দলং খন ৰাইজে নিজাববীয়াকৈ বহুবাৰ ঠিক কৰিও লৈছিল ৷ বিধ্বস্ত দলং খনৰ বাবে এতিয়া সমস্যাৰ সন্মুখীন হৈছে বৃহত্তৰ অঞ্চলটোৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰী তথা ৰাইজৰ ৷ বিগত 17 বছৰৰ পৰাই সমাধান নোহোৱা এই সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আগন্তুক নিৰ্বাচনত, বিপিএফ দলক ভোট নিদিয়ে বুলি ৰাইজে স্পষ্ট কৰি দিয়ে সংবাদ মাধ্যমৰ আগত ৷

লগতে পঢ়কঃৰাজ্যত এই পৰ্যন্ত বানত মৃত্যু 34 জনৰ

ABOUT THE AUTHOR

...view details