অসম

assam

ETV Bharat / state

চিৰাঙত কংগ্ৰেছৰ জোৰ সমদল

চিৰাঙ জিলাৰ বিজনীৰ গৰাইমাৰীত কংগ্ৰেছে কৃষি আইনৰ বিৰোধিতাৰে আয়োজন কৰিলে এক জোৰ সমদলৰ । ২নং গৰাইমাৰীত উলিওৱা এই জোৰ সমদলত যুৱ কংগ্ৰেছৰ বহু কৰ্মীয়ে অংশ গ্ৰহণ কৰে ।

By

Published : Dec 30, 2020, 8:03 PM IST

চিৰাঙত কংগ্ৰেছৰ জোৰ সমদল
চিৰাঙত কংগ্ৰেছৰ জোৰ সমদল

চিৰাঙ , ৩০ ডিচেম্বৰ :সমগ্ৰ দেশৰ লগতে অসমৰো ভিন্ন প্ৰান্তত কৃষি আইনৰ বিৰুদ্ধে অব্য়াহত আছে প্ৰতিবাদ । বুধবাৰে ৰাজ্য়ৰ বিভিন্ন প্ৰান্তত কংগ্ৰেছ দলে তিনিখন কৃষি আইনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্য়স্ত কৰে । তাৰ অংশ হিচাপে চিৰাঙ জিলাৰ বিজনীৰ গৰাইমাৰীত কংগ্ৰেছে কৃষি আইনৰ বিৰোধিতাৰে আয়োজন কৰিলে এক জোৰ সমদলৰ ।

চিৰাং জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত কৃষি আইনৰ বিৰুদ্ধে জিলাখনৰ ২নং গৰাইমাৰীত উলিওৱা এই জোৰ সমদলত যুৱ কংগ্ৰেছৰ বহু কৰ্মীয়ে অংশ গ্ৰহণ কৰে । কৃষি আইনৰ বিৰোধিতা কৰাৰ লগতে একাংশ পুজিপঁতিৰ স্বাৰ্থত বিজেপি চৰকাৰে এই আইন কৃষকৰ ওপৰত জাপি দিয়া বুলি অভিযোগ কৰে সমদলত অংশ লোৱা কংগ্ৰেছ কৰ্মীসকলে ।

লগতে পঢ়ক :ধেমাজিত ৰাইজৰ দলৰ জিলা সমিতি গঠন

ABOUT THE AUTHOR

...view details