চিৰাং,19 জুনঃ পুনৰ পোহৰলৈ আহিছে ১৭ বছৰীয়া হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন মডেল বিটিচি উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ হাগ্ৰামা মহিলাৰীয়ে যিমানেই উন্নয়নৰ ঢাক-ঢোল বজাই নাথাকক কিয় এখনৰ পিছত আনখন উন্নয়নৰ পঁয়ালগা ছবি পোহৰলৈ আহিছে ৷ জানিব পৰা মতে,যোৱা 17টা বছৰেই উন্নয়নৰ মুখ দেখা নাপালে চিৰাঙৰ ৰৌমাৰী ভিচিডিচিৰ অন্তৰ্গত বৃহত্তৰ গেদা বজাৰঅঞ্চলৰ ৰাইজে ৷
কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত ভুৱা প্ৰতিশ্ৰুতি দি ভোট হস্তগত কৰি জয়ী হোৱাৰ পিছত পাহৰি যায় অঞ্চলটোৰ ৰাইজক ৷ এই অভিযোগ স্থানীয় ৰাইজৰ ৷ অঞ্চলটোত আজি পৰ্যন্ত যাতায়তৰ বাবে নহ'ল কোনোধৰণৰ সুচল ব্যৱস্থা ৷ পথৰ কথাটো বাদেই অঞ্চলটোত নাই এখন উপযুক্ত দলং ৷ এই সন্দৰ্ভত অঞ্চলটোৰ পৰিস্থিতি বুজ ল'বলৈ শুকুৰবাৰে উপস্থিত হ'ল এবিএমছুৰ চিৰাং জিলা সমিতিৰ কেবাজনো বিষয়ববীয়া ৷ জিলা সভাপতি আবু জুবায়েৰ মণ্ডলে সাংবাদিকৰ আগত ক্ষোভ উজাৰি মন্তব্য কৰে যে,সংখ্যালঘু অধ্যুষিত অঞ্চলটোত এইবাৰ প্ৰতিটো ৰাজনৈতিক দলেই তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব ৷