চিৰাং, 5 জানুৱাৰীঃ চিৰাং জিলাৰ আই নদীৰ পাৰত অনুষ্ঠিত হৈ থকা দৈজিং উৎসৱত দেওবাৰে উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু বিধায়ক প্ৰশান্ত ফুকন ৷ হেলিকপ্তাৰেৰে দুপৰীয়া 12:30 বজাত উৎসৱস্থলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰথমে উৎসৱৰ কৰ্মকৰ্তাসকলৰ পৰা দৈজিং উৎসৱৰ বুজ লয় ৷ মুখ্যমন্ত্ৰীৰ সম্বৰ্ধনা অনুষ্ঠানত বিটিচিৰ উপমুখ্য খাম্পা বৰগয়াৰীয়ে কয় যে, অসমৰ পৰ্যটন ক্ষেত্ৰৰ উন্নয়নৰ ক্ষেত্ৰত বিটিচি পৰ্যটনে মুখ্যমন্ত্ৰীৰ সহযোগিতাত আগবাঢ়িছে ৷ বক্তব্য প্ৰসংগত দৈজিং উৎসৱ সম্পৰ্কে বিতং ব্যাখ্যা আগবঢ়ায় বিটিচিৰ উপমুখ্যগৰাকীয়ে ৷
দৈজিং উৎসৱত উপস্থিত মুখ্যমন্ত্ৰী - দৈজিং উৎসৱত উপস্থিত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল
দৈজিং উৎসৱত উপস্থিত হৈ নদীৰ গুণানুকীৰ্তন কৰাৰ পোষকতা কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৷ দৈজিং উৎসৱ বৰ্তমান বিশ্বমানৰ উৎসৱলৈ পৰিণত হৈছে বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷
নিজৰ ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে দৈজিং উৎসৱৰ উদ্যোক্তা সকলক ধন্যবাদ জনায় কয় যে, দৈজিং উৎসৱ বৰ্তমান বিশ্বমানৰ উৎসৱ হৈ উঠিছে ৷ অসমৰ অৰ্থনৈতিক দিশৰ সৱলীকৰণৰ ক্ষেত্ৰটো দৈজিং উৎসৱে সহায় কৰিব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ বক্তব্য প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে উল্লেখ কৰে যে, নদীৰ গুণানুকীৰ্তন কৰিলেহে আমাৰ সভ্যতা সাৰুৱা হ’ব ৷ পৃথিৱীৰ প্ৰত্যকটো প্ৰান্ততে নদীৰ গুণানুকীৰ্তন কৰাৰ প্ৰথা প্ৰচলিত আছে ৷ এনে ধৰণৰ নৈপৰীয়া উৎসৱ সমুহে সমাজত বিশেষ প্ৰভাব পেলায় । অসমীয়া সমাজ জীৱনক আগবঢ়াই নিবলৈ এই নৈ সমূহৰ লগত একাত্ম হোৱা উচিত বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷