কাজলগাঁৱত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চিৰাং, 11 অক্টোবৰ :"অসমত বৰ্তমান চৰকাৰে যিমান বিলাক কাম কৰি আছে কোনো ৰাজনৈতিক দলেই জীয়াই থাকিব নোৱাৰে ৷ অৰুণোদয়ৰ ধুমুহাত, মাইক্ৰফাইনেন্সৰ ধুমুহাত, চাকৰিৰ ধুমুহাত বাকী একো পাৰ্টী নাথাকে, কেৱল বিজেপি অসমত থাকিব আৰু ইউপিপিএল আৰু অসম গণ পৰিষদ থাকিব ৷" এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ ৷ বুধবাৰে চিৰাঙৰ কাজলগাঁৱত এক বিশেষ অনুষ্ঠানত অংশ লৈ এইদৰে মন্তব্য কৰে মুখ্যমন্ত্ৰীজনে ৷
আগন্তুক লোকসভা নিৰ্বাচনৰ প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নত মুখ্যমন্ত্ৰীজনে কয়, "য’ত যিয়ে খেলে খেলি থাকিব, আমাৰ কি আছে ৷ গলপষ্টত গলকীপাৰ নায়েই, গতিকে গল দি থাকক ৷ এঘাৰটালৈকে আমি গল দিমেই ৷ 12 নম্বৰ গলটো দিয়াৰ বাবে এতিয়া প্ৰস্তুতি চলাইছোঁ ৷ এঘাৰলৈকে আমাৰ সমস্যা নাই, বাৰ নম্বৰটোত অলপ সমস্যা আছে আৰু তেৰ-চৈধ্য আমি তেওঁলোকক দিছোঁ ৷"
আনহাতে পাঁচ ৰাজ্যৰ সমাগত বিধানসভাৰ নিৰ্বাচন সন্দৰ্ভত তেওঁ কয় যে, ৰাজস্থান, ছত্তিশগড় আৰু মধ্যপ্ৰদেশত তেওঁ গৈ আহিছে ৷ নিৰ্বাচনৰ পৰিৱেশ তাত খুবেই ভাল বুলি কয় তেওঁ ৷
ইফালে, হামাছ উগ্ৰপন্থী সংগঠনে ইজৰাইলৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে জাৰি কৰা বিবৃতিক লৈও প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰীজনে ৷ তেওঁ কয় যে, হামাছে ইজৰাইলৰ সাধাৰণ তথা নিৰ্দোষী জনসাধাৰণৰ ওপৰত কৰা আক্ৰমণ সন্দৰ্ভত কংগ্ৰেছ তথা কংগ্ৰেছ ৱৰ্কিং কমিটি একেবাৰে নিমাত ৷ কংগ্ৰেছ তথা কংগ্ৰেছ ৱৰ্কিং কমিটিয়ে হামাছক নিন্দা কৰা নাই ৷ বৰঞ্চ তেওঁলোকে এই বিষয়টোৰ মনোযোগ আঁতৰাবলৈ চেষ্টা কৰিছে ৷
উল্লেখ্য যে, বুধবাৰে চিৰাঙৰ কাজলগাঁৱত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা ৷ কাজলগাঁৱত প্ৰায় পাঁচশ কোটি টকাৰ বিভিন্ন আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে তেওঁ ৷ কাজলগাঁওস্থিত উদাংশ্ৰিনি আলাৰী প্ৰেমসিং ব্ৰহ্ম সোঁৱৰণি জিলা ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে তেওঁ ৷ লগতে জলজীৱন আঁচনিৰ অধীনৰ চম্পাৱতী প্ৰকল্পৰ আধাৰশিলা, অসমমালাৰ অধীনৰ ছাপাগুৰিৰ পৰা ভূটানলৈ ৩৫০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা পথৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ৷ ইফালে বাসুগাঁও উৰণ সেতু মুকলি কৰাৰ লগতে বিজনীৰ কুকলুং নৈৰ ১০ কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলঙৰ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে ৷
এই অনুষ্ঠানত মন্ত্ৰী অশোক সিংহল, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিচি প্ৰধান প্ৰমোদ বড়ো, চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰৌনগৌৰা নাৰ্জাৰীসহ ইউপিপিএল আৰু বিজেপি দলৰ শীৰ্ষ নেতৃত্ব উপস্থিত থাকে ৷ আধাৰশিলা স্থাপন কৰাৰ পিছতে কাজলগাঁও ক্ৰীড়া সন্থাৰ খেলপথাৰত আয়োজিত ৰাজহুৱা সভাত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰীগৰাকী ৷
লগতে পঢ়ক :APCC Meeting : লোকসভা নিৰ্বাচনৰ বাবে অসম প্ৰদেশ কংগ্ৰেছৰ ব্লুপ্ৰিন্ট তৈয়াৰ