বঙাইগাঁও, 20 ফেব্ৰুৱাৰী : ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদে ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে বঙাইগাঁও স্থিত অসম চৰকাৰৰ শ্ৰম আৰু নিয়োগ বিভাগৰ অধীনস্থ উদ্যোগিক প্ৰশিক্ষন কেন্দ্ৰ(ITI)ত ৷ প্ৰতিষ্ঠানখনত সকলো শ্ৰেণী কোঠাতেই বিভিন্ন সামগ্ৰীৰ অভাৱ তথা কোনো এটা বিভাগৰ শ্ৰেণীতেই পৰ্য্যাপ্ত সুবিধা নথকাৰ অভিযোগ তুলি বিষয় সন্দৰ্ভত ন্যায় ছাত্ৰ-ছাত্ৰী সকলে কৰা প্ৰতিবাদৰ মাজতে বৃহস্পতিবাৰে প্ৰতিষ্ঠান খনত সংঘটিত হয় প্ৰতিবাদী ছাত্ৰ ছাত্ৰী আৰু শিক্ষকৰ মাজত হতাহতিৰ ঘটনা ৷ ঘটনা সন্দৰ্ভত তিনিদিন ধৰি প্ৰতিবাদ অব্যাহত ৰখাৰ বাবেই বৃহস্পতিবাৰে অধ্যক্ষই আহি সহকাৰী শিক্ষকৰ জৰিয়তে প্ৰহাৰ কৰে প্ৰতিষ্ঠান খনৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক গোপাল গোৱালাক ৷
ছাত্ৰ-শিক্ষকৰ প্ৰতক্ষ্য হতাহতিত বঙাইগাঁও আই টি আইত উত্তপ্ত পৰিস্থিতি উল্লেখ্য যে চৰকাৰী খণ্ডৰ বহু অনুষ্ঠান এটাৰ পিচত এটাকৈ বন্ধ হৈ যোৱাৰ সময়তে ছাত্ৰ একতা সভাৰ উদ্যোগত অব্যাহত থকা প্ৰতিবাদৰ ফলতে পোহৰলৈ আহিছে বঙাইগাঁও আই টি আইৰ ভিতৰচৰাত চলি থকা ধ্বংসৰ কুচকাৱাজ ৷ আই টি আই খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীয়ে তোলা অভিযোগ অনুসৰি সকলো কেইটা বিভাগৰ শ্ৰেণী কোঠাতেই পৰ্যাপ্ত সামগ্ৰীৰ অভাৱ ৷ বছৰ বছৰ ধৰি বিকল হৈ আছে কোটি কোটি টকাৰ বহু যন্ত্ৰপাতি ৷ ছাত্ৰ-ছাত্ৰীৰ শিক্ষাৰ বাবে যন্ত্ৰৰ অভাৱ হোৱা উপৰিও কম্পিউটাৰ সমুহৰ প্ৰায় সকলোখিনিয়ে বিকল হৈ পৰি আছে ৷ যাৰ বাবে অধ্যক্ষই ঘৰৰ পৰা লেপটপ আনি শিক্ষা ল'বলৈ কোৱাৰ অভিযোগ ছাত্ৰ-ছাত্ৰীৰ ৷
ছাত্ৰ-শিক্ষকৰ প্ৰতক্ষ্য হতাহতিত বঙাইগাঁও আই টি আইত উত্তপ্ত পৰিস্থিতি অনুৰূপভাৱে প্ৰতিষ্ঠান খনৰ অন্যান্য সকলো বিভাগতে একে ধৰনৰ অৱস্থা ৷ কোনো শ্ৰেণীৰেই নাই বহাৰ বাবে এখন ভাল এখন ডেস্ক-বেঞ্চ ৷ আনকি প্ৰতিষ্ঠানখনৰ অতিকৈ প্ৰয়োজনীয় শৌচ-প্ৰসাৱগাৰ সমুহৰো অৱস্থা তথৈবচ ৷ মুঠতে নামতহে আই টি আই হৈ আছে এইখন প্ৰতিষ্ঠান, প্ৰকৃততে যেন কোনোধৰণৰ চৰকাৰী সুবিধাই নাই ছাত্ৰ ছাত্ৰী সকলৰ বাবে ৷ কেৱল ইমানেই নহয় ছাত্ৰ একতা সভাৰ ধন আত্মসাত কৰাৰো অভিযোগ উত্থাপন হৈছে অধ্যক্ষৰ বিৰুদ্ধে ৷
ছাত্ৰ-শিক্ষকৰ প্ৰতক্ষ্য হতাহতিত বঙাইগাঁও আই টি আইত উত্তপ্ত পৰিস্থিতি সকলো সমস্যাৰ সমাধান বিচাৰি যোৱা চাৰিদিনৰ পৰা ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কৰি অব্যাহত ৰাখিছিল আন্দোলন ৷ বিষয় সন্দৰ্ভত জিলা উপায়ুক্তক স্মাৰক পত্ৰ দিয়াৰ পিচতো কোনো ব্যৱস্থা গ্ৰহন নকৰাৰ অভিযোগ । এনে অৱস্থাত বৃহস্পতিবাৰে অধ্যক্ষ আৰ গোপালে সহকাৰী শিক্ষক(প্ৰশিক্ষক)ক লগত লৈ আহি ছাত্ৰ একতা সভাৰ সম্পাদক গোপাল গোৱালা সহ এগৰাকী ছাত্ৰীক আন্দোলন প্ৰত্যাহাৰ কৰিবলৈ কৈ মাৰপিট কৰে ৷ যি ঘটনাৰ ভিডিঅ ৰাজহুৱা কৰিছে ছাত্ৰ ছাত্ৰী সকলে ৷
ছাত্ৰ-শিক্ষকৰ প্ৰতক্ষ্য হতাহতিত বঙাইগাঁও আই টি আইত উত্তপ্ত পৰিস্থিতি লগতে সম্পাদকৰ মোবাইল ভাঙি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ছাত্ৰ ছাত্ৰী সকলে ৷ ইয়াৰ পাছতেই উত্তপ্ত হৈ পৰে আই টি আই চৌহদ ৷ লগে লগে বঙাইগাঁও জিলা দণ্ডাধীশ পাৰ্থজিত দাস সহ আৰক্ষীয়ে আই টি আইত প্ৰৱেশ কৰি পৰিস্থিতি নিয়ন্ত্ৰন কৰাৰ লগতে মাৰপিটৰ এজাহাৰৰ ভিত্তিত প্ৰশিক্ষক গোবিন্দ নায়ন দেৱক আটক কৰি থানালৈ লৈ যোৱাৰ লগতে সকলো নথি পত্ৰ জব্দ কৰে দণ্ডাধীশে ৷
বঙাইগাঁও আই টি আইত বিকল যন্ত্ৰপাতি ইয়াৰ উপৰিও ছাত্ৰ ছাত্ৰী সকলৰ আন এক চাঞ্চল্যকৰ অভিযোগ, প্ৰতিষ্ঠানখনৰ অধ্যক্ষ আৰ গোপালে নিজৰ আবাস এৰি ছোৱালী হোষ্টেলত থাকে যাৰ বাবে কোনো ছাত্ৰীয়ে হোষ্টেলত নথকাৰ কথাও জনালে ছাত্ৰ-ছাত্ৰীয়ে ৷ এই ঘটনাৰ পাছতে এতিয়া সচেতন মহলৰ মাজত সৃষ্টি হৈছে বহু প্ৰশ্নৰ ৷ নিজৰ গাঁঠিৰ ধন খৰচ কৰি বহু লোকে নিজৰ সন্তানটোক কাৰিকৰি দিশত জ্ঞান অৰ্জনৰ বাবে পঠিওৱা এই ধৰণৰ প্ৰতিষ্ঠানে প্ৰকৃততে কি শিক্ষা দিব ছাত্ৰ-ছাত্ৰী সকলক? এসময়ত নামনি অসমৰ নামজ্বলা এই প্ৰতিষ্ঠান খন বৰ্তমানেও বিৰাজ কৰিছে জানো পূৰ্বৰ পৰিৱেশে ? কাৰ অৱহেলাৰ বাবে প্ৰকৃততে এনেদৰে ধ্বংসমুখী বাটেৰে বাট বুলিছে অসমৰ এখন অন্যতম অগ্ৰণী প্ৰতিষ্ঠানে ? উচিত তদন্ত পাছতহে পোহৰলৈ আহিব এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ ৷
লগতে পঢ়ক70 লাখ নহয় ! এক লাখ লোকে হে অংশগ্ৰহণ কৰিব ট্ৰাপৰ পদযাত্ৰাত