অসম

assam

ETV Bharat / state

চিটুৰ উদ্যোগত বঙাইগাঁও ৰিফাইনাৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতি প্ৰতিবাদ

কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চই 14 মে'ত লোৱা সিদ্ধান্ত অনুসৰি শুকুৰবাৰে লক ডাউনৰ নিয়ম পালন কৰি এই প্ৰতিবাদ সাব্যস্থ কৰে শ্ৰমিক সংগঠন সমুহে ৷

By

Published : May 22, 2020, 7:11 PM IST

CITU protest at Bongaigaon
চিটুৰ উদ্যোগত বঙাইগাঁও ৰিফাইনাৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতি প্ৰতিবাদ

চিৰাং, 22 মে': কৰ'ণা ভাইৰাছৰ সময়ত দেশত বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা শ্ৰমিক সকলৰ সহায়ৰ দাবীত চিটুৰ উদ্যোগত, বঙাইগাঁও ৰিফাইনাৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতিৰ প্ৰতিবাদ ৷ কেন্দ্ৰীয় ট্ৰেড ইউনিয়নসমূহৰ যৌথ মঞ্চই 14 মে'ত লোৱা সিদ্ধান্ত অনুসৰি শুকুৰবাৰে লক ডাউনৰ নিয়ম পালন কৰি এই প্ৰতিবাদ সাব্যস্থ কৰে শ্ৰমিক সংগঠন সমুহে ৷

চিটুৰ উদ্যোগত বঙাইগাঁও ৰিফাইনাৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতি প্ৰতিবাদ

চিটুৰ উদ্যোগত চিৰাং জিলাৰ ঢালিগাঁও স্থিত বঙাইগাঁও শোধনাগাৰ আৰু পেট্ৰ ৰাসায়নিক অস্থায়ী শ্ৰমিক সংঘৰ কাৰ্য্যালয়ৰ সমূখত বঙাইগাঁও ৰিফাইনাৰী সংযুক্ত শ্ৰমিক সমন্বয়ৰক্ষী সমিতি তৰফৰ পৰা সাব্যস্ত কৰা হয় প্ৰতিবাদ ৷ বৰষুণৰ মাজতে চিটুৰ এই প্ৰতিবাদত অংশ গ্ৰহণ কৰে চিৰাং জিলা সমিতি চিটুৰ সভাপতি খুংখ্ৰা বসুমতাৰী,সম্পাদক আলফাৰুক আহমেদ,ৰাজ্যিক সদস্য দিলিপ ৰায়ে ৷ উল্লেখ্য যে, এই সময়ছোৱাত দেশৰ শ্ৰমিক শ্ৰেণী আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে বুলি দাবী কৰি শ্ৰমিক সকলৰ সুৰক্ষাৰ বাবে উপযুক্ত পদক্ষেপ লবলৈ চৰকাৰলৈ দাবী জনাই চেন্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয় চমুকৈ চিটুৱে ৷ কৰ'ণাই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰা এই সময়ছোৱাত শ্ৰমিক শ্ৰেণী আৰু সাধাৰণ জনগনক ৰক্ষা কৰাৰ বাবে সদৰ্থক পদক্ষেপ গ্ৰহণ কৰাৰ সলনি চৰকাৰে নীৰৱ ভুমিকা হে পালন কৰাৰ অভিযোগ উত্থাপন কৰিছে চেন্টাৰ অৱ ইণ্ডিয়ান ট্ৰেড ইউনিয়নে ৷

লগতে পঢ়কঃ গুৱাহাটীত ব্যৱহৃত পিপিই কিট উদ্ধাৰৰ পুনৰাবৃত্তি

For All Latest Updates

ABOUT THE AUTHOR

...view details