চিৰাং, 25 এপ্ৰিলঃ বৃহস্পতিবাৰে চিৰাঙত উদযাপন কৰা হয় বিশ্ব মেলেৰীয়া দিৱস ৷ চিৰাং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগ তথা জিলা মেলেৰীয়া নিবাৰন অভিযানৰ সহযোগত এই দিৱস উদযাপন কৰা হয় ৷ মেলেৰীয়া দিৱস উপলক্ষে দিনৰ 12 বজাত জিলা সদৰ কাজলগাঁও হাইস্কুলত ছাত্ৰ-ছাত্ৰী সকলক লৈ মেলেৰীয়া সজাগতামুলক সমদল ওলিয়ায় ৷ চিৰাং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীয়ে মুখ্য অতিথি হিচাবে থাকি সমদলৰ শুভাৰম্ভ কৰে । সমদলৰ পিচত কাজলগাঁও হাইস্কুল প্ৰেক্ষাগৃহত আয়োজিত সভাত মেলেৰীয়া আৰু ইয়াৰ প্ৰতিকাৰৰ বিষয়ে বহল ভাৱে আলোচনা হয় ।
চিৰাঙত বিশ্ব মেলেৰীয়া দিৱস উদযাপন - মেলেৰীয়া নিৰ্মুল মোৰ পৰাই আৰম্ভ হওক
চিৰাং জিলা স্বাস্থ্য সমিতিৰ উদ্যোগ তথা জিলা মেলেৰীয়া নিবাৰন অভিযানৰ সহযোগত এই দিৱস উদযাপন কৰা হয় ৷ এইবৰ্ষৰ বিশ্ব মেলেৰীয়া দিৱসৰ মুল বাণী আছিল "মেলেৰীয়া নিৰ্মুল মোৰ পৰাই আৰম্ভ হওক"৷
এইবাৰৰ এই বিশ্ব মেলেৰীয়া দিৱসৰ মুল বাণী হিচাবে "মেলেৰীয়া নিৰ্মুল মোৰ পৰাই আৰম্ভ হওক"ৰ বিষয়ে বিতং আলোচনা কৰে । চিৰাং জিলাত দুবছৰ পুৰ্বে মেলেৰীয়াৰ ব্যাপক প্ৰভাৱ আছিল যদিও সম্প্ৰতি সেয়া কমিছে । চলিত বৰ্ষত জিলাখনত মুঠ ২৩ জন মেলেৰীয়া ৰোগী চিনাক্ত হোৱা বুলিও জনায় চিৰাং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীয়ে ৷
বিশ্ব মেলেৰীয়া দিৱসৰ এই কাৰ্যসুচিত চিৰাং জিলা যুটীয়া স্বাস্থ্য সঞ্চালক দিগেন্দ্ৰ ৰামচিয়াৰীৰ লগতে জিলা মেলেৰীয়া বিষয়া সৈলেন কাকতি,জিলা মেডিয়া বিষয়া ময়েজ উদ্দিন আহমেদ, লগতে কেবাজনো বিষয়া-কৰ্মচাৰী আৰু কাজলগাঁও হাইস্কুলৰ ছাত্ৰ-ছাত্ৰী সকল উপস্থিত থাকে ।