অসম

assam

ETV Bharat / state

চিৰাঙত বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে সজাগতা সভা

চিৰাঙত বিশ্ব স্বাস্থ্য দিৱস উদযাপন । বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে জিলাখনৰ কাশিকত্ৰাত মহিলা আৰু কিশোৰীৰ স্বাস্থ্য বিষয়ক সজাগতামূলক অনুষ্ঠানৰ আয়োজন ।

চিৰাঙত বিশ্ব স্বাস্থ্য দিৱস উদযাপন
চিৰাঙত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

By

Published : Apr 7, 2021, 9:31 PM IST

চিৰাং,৭ এপ্ৰিল: সমগ্ৰ বিশ্বৰ লগতে দেশৰ ভিন্ন প্ৰান্তত পালন কৰা হৈছে বিশ্ব স্বাস্থ্য দিৱস । অসমতো বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । বুধবাৰে চিৰাং জিলাৰ কাশিকত্ৰাৰ উৰ্বশী ব্ৰহ্ম সোঁৱৰণী হাইস্কুলত জিলা আইন সেৱা প্ৰাধিকাৰীৰ উদ্যোগত এক সজাগতামূলক অনুষ্ঠানৰ আয়োজন কৰা হয় । এই বছৰ বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তু মহিলা আৰু কৈশোৰ বয়সৰ ছোৱালীৰ স্বাস্থ্য আৰু স্বাস্থ্যবিধি বিষয়ক এক সভা অনুষ্ঠিত হয় ।

চিৰাঙত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

ইয়াৰ জৰিয়তে মহিলা তথা কিশোৰীসকলক সজাগ কৰে বিভাগীয় বিষয়াসকলে । এই অনুষ্ঠানত মহকুমা স্বাস্থ্য বিষয়া তথা চিদলী খণ্ড স্বাস্থ্যকেন্দ্ৰৰ মুৰব্বী ডাঃ উত্তম কুমাৰ বিশ্বাস, ডাঃ কুমুদ শৰ্মাৰ লগতে ডাঃ ষ্টেফি বসুমতাৰী আৰু দীপক ঠাকুৰীয়া উপস্থিত থাকে । আটাইকেইজনে বিশ্ব স্বাস্থ্য দিৱসৰ বিষয়বস্তুৰ ওপৰত বক্তব্য আগবঢ়ায় । লগতে এই সংক্ৰান্তীয় বিভিন্ন চৰকাৰী আঁচনি সন্দৰ্ভতো বিৱৰণ দাঙি ধৰে ।

চিৰাঙত বিশ্ব স্বাস্থ্য দিৱস উদযাপন

ইয়াৰ উপৰিও জিলা আইন প্ৰাধিকাৰীৰ সম্পাদিকা ববিদিতা গগৈয়ে বাল্য বিবাহ প্ৰতিৰোধী আইন সন্দৰ্ভত বক্তব্য আগবঢ়ায় । ইফালে, অনুষ্ঠানত ক'ভিড-১৯ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যেৰে বিনামূলীয়াকৈ মাস্ক বিতৰণ কৰা হয় । অনুষ্ঠানটিত বিদ্যালয়খনৰ প্ৰধান শিক্ষক ক্ৰুছেব গয়াৰীসহ বিদ্যালয়খনৰ আন শিক্ষক-শিক্ষয়িত্ৰীসকল আৰু শতাধিক ছাত্ৰী উপস্থিত থাকে ৷

লগতে পঢ়ক: শ্বহীদ দিলীপ কুমাৰ দাসৰ বাসগৃহত উপস্থিত মুখ্যমন্ত্ৰী সোণোৱাল

ABOUT THE AUTHOR

...view details