চিৰাং, ৩১ জানুৱাৰী : প্ৰেমে নামানে সৰু-ডাঙৰ । প্ৰেমে নামানে বাধাৰ প্ৰাচীৰ । প্ৰেমে নামানে জাতি-কুল । প্ৰেমে নামানে ধৰ্মৰ ভেদাভেদ, প্ৰেমে নামানে সীমাৰ পৰিধি । প্ৰেম শ্বাশত, প্ৰেম হৈছে অন্তঃসলীলা । এইবোৰ হৈছে প্ৰেমৰ সাধাৰণ সংজ্ঞা, প্ৰেমৰ ব্যাখ্যা । কিন্তু এইবোৰৰ বাদেও প্ৰেমে কেতিয়াবা নিজৰ মতে ৰং লয়, নিজৰ মতে গতি কৰে, নিজৰ মতেই সম্পৰ্ক বাছি লয় । বিপৰীত লিংগৰ মাজত প্ৰেমৰ সম্পৰ্ক ওপৰত উল্লিখিত সকলোতে এক স্বাভাৱিক ঘটনা ।
কিন্তু সমলিংগীয় প্ৰেম হৈছে এক ব্যতিক্ৰম । পুৰুষে পুৰুষৰ লগত প্ৰেমত পৰা বা নাৰীয়ে নাৰীৰ সৈতে প্ৰেম সাগৰত ডুব যোৱাটো এক বিৰল ঘটনা বুলিয়েই ক'ব পাৰি । অৱশ্যে এনে ঘটনা এতিয়া বিদেশৰ লগতে দেশতো মাজে সময়ে ঘটি থকা শুনিবলৈ, জানিবলৈ পোৱা যায় । কিন্তু অসম মুলুকত (exceptional love story in Assam) ? নিশ্চয়কৈ এয়া আমাৰ ৰাজ্যৰ বাবে এক চকু থৰ লাগিবলগা, অবাক হ'বলগা ঘটনা । তাতে আকৌ দুগৰাকী নাৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক ! হয়, এনে এক নাভূত-নাশ্ৰুত ঘটনাই ঘটিছে চিৰাঙত । এক কথাত ক'বলৈ গ'লে যেন প্ৰেমত ঘূৰিছে ভূমণ্ডল, প্ৰেমত ফুলিছে শতদল (exceptional love story of Chirang) ।
চিৰাঙত 'আজব প্ৰেম কি গজব কাহানি' । চিৰাঙত দুগৰাকী মহিলাই পৰস্পৰৰ প্ৰেমত পৰা ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে । চিৰাঙত সংঘটিত এই নাভূত-নাশ্ৰুত কাণ্ডই অবাক কৰিছে সকলোকে । লগতে চিৰাঙৰ দুই মহিলাৰ এই ব্যতিক্ৰমী প্ৰেমলীলাই তীব্ৰ চৰ্চা লাভ কৰিছে অঞ্চলজুৰি (Chirang women falls in love each other) । ঘটনাটো সংঘটিত হৈছে জিলাখনৰ পূব এংকৰবাৰীৰ খালপাৰাত । অঞ্চলটোৰ আঞ্জুমা বেগম নামৰ এগৰাকী বিবাহিতা মহিলা আন এগৰাকী মহিসাৰ প্ৰেমত হাবুডুবু খাইছে । আঞ্জুমা বেগমে মমতাজ বেগম নামৰ মহিলাগৰাকীৰ সৈতে তিনি বছৰ ধৰি প্ৰেমৰ সম্পৰ্ক থকাৰ দাবী কৰিছে ।