চিৰাঙত প্ৰথমবাৰৰ বাবে আৰম্ভ মহিলাৰে পৰিচালিত "সখী ভোটগ্ৰহণ কেন্দ্ৰ" - চিৰাং
মঙলবাৰে ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ ৰাজ্যৰ আন ঠাইৰ লগতে চিৰাঙটো এইমূহুৰ্তলৈকে শান্তিপূৰ্ণভাৱে চলি আছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷
![চিৰাঙত প্ৰথমবাৰৰ বাবে আৰম্ভ মহিলাৰে পৰিচালিত "সখী ভোটগ্ৰহণ কেন্দ্ৰ"](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3083470-thumbnail-3x2-j.jpg)
ভোটদানৰ বাবে অহা এগৰাকী সক্ষম লোক
চিৰাং, 23এপ্ৰিলঃ চিৰাঙৰ চিদলী কাশিকত্ৰা হায়াৰ ছেকণ্ডাৰী স্কুলত প্ৰথমবাৰৰ বাবে আৰম্ভ কৰা হয় জিলাখনৰ একমাত্ৰ মহিলাৰে পৰিচালিত "সখী ভোটগ্ৰহণ কেন্দ্ৰ"। এই মহিলা ভোটগ্ৰহণ কেন্দ্ৰটোত দিনৰ ১২ বজালৈকে ৪০% ভোটগ্ৰহণ হোৱাৰ তথ্য জনায় প্ৰিজাইডিং বিষয়াগৰাকীয়ে । ইপিনে চিৰাঙৰ আৰক্ষী অধিক্ষক সুধাকৰ সিঙে জিলাখনৰ কোকৰাঝাৰ লোকসভা সমষ্টি আৰু বৰপেটা লোকসভা সমষ্টিৰ বিভিন্ন ভোট গ্ৰহণ কেন্দ্ৰ ভ্ৰমণ কৰি শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া চলি থকাৰ বিষয়ে সাংবাদিকৰ আগত মন্তব্য কৰে ৷
চিৰাঙত প্ৰথমবাৰৰ বাবে আৰম্ভ মহিলাৰে পৰিচালিত "সখী ভোটগ্ৰহণ কেন্দ্ৰ"