চিৰাঙ, ২৫ জুন : বুধবাৰে নিশা চিৰাঙৰ ৰুণীখাতা মধ্যম দক্ষিণ গাঁৱত এগৰাকী মহিলাক হত্যা কৰিলে পাঁচ যুৱকে । জানিব পৰা মতে, সাধাৰণ ঘটনা এটাক লৈ সংঘটিত হয় এই হত্যাকাণ্ড । নিহত মহিলা গৰাকী সম্বাৰু কুষ্মাৰ পত্নি কান্দেৰী কুষ্মা বুলি জানিব পৰা গৈছে ।
আৰক্ষী সূত্ৰত প্ৰকাশ কৰা অনুসৰি, স্থানীয় সুৰাপায়ী যুৱক সকলক মাজে সময়ে নিহত মহিলা গৰাকী আৰু তাইৰ স্বামীয়ে গালি-গালাজ পাৰিছিল । ইয়াৰোপৰি বিক্ৰম টিক্কাই কান্দেৰী কুষ্মাৰ পৰা পাঁচ হাজাৰ টকা কিছুদিন পূৰ্বে ধাৰলৈ লৈছিল যদিও সেই টকা ঘূৰাই দিয়া নাছিল ।
যোৱা নিশা উক্ত টকা ঘূৰাই বিচৰাত দুয়োৰে মাজত কথা কটাকটি হৈছিল। বিক্ৰম টিক্কা নামৰ যুৱক জনৰ সৈতে আৰু চাৰিজন যুৱকো আছিল বুলি আৰক্ষীয়ে জনায়। লগতে, আটাইকেইজন যুৱকে মদ্যপান কৰা অৱস্থাত আছিল বুলি আৰক্ষীয়ে প্ৰকাশ কৰে। তাৰ পিচতে পাঁচজন যুৱকে স্বামী-স্ত্ৰী দুয়ো জনকে নিৰ্মমভাৱে প্ৰহাৰ কৰে। নিৰ্মম ভাৱে প্ৰহাৰ কৰাৰ পিচত কান্দেৰী কুষ্মা নামৰ মহিলাজনীৰ মৃত্যু হয় আৰু মৃত মহিলাগৰাকীক ঘৰত সুমুৱাই থৈ যুৱক কেইজনে পলায়ন কৰে । লগতে, নিহত মহিলা গৰাকীৰ স্বামী সম্বাৰু কুষ্মা গুৰুতৰ ভাৱে আহত হয়।