অসম

assam

ETV Bharat / state

বনৰীয়া মেথোনৰ আক্ৰমণত আহত দুজন

চিৰাঙৰ পাণবাৰীত মেথোনৰ সন্ত্ৰাস ৷ মানস অভয়াৰণ্যৰ দিশৰ পৰা আহি মেথোনৰ আক্ৰমণত আহত বৃদ্ধা সহ বনকৰ্মী ।

Chirang wild methon attack two injured
চিৰাঙত মেথোনৰ আক্ৰমণত আহত দুজন

By

Published : Apr 13, 2020, 11:31 AM IST

Updated : Apr 13, 2020, 12:22 PM IST

চিৰাং,13 এপ্ৰিলঃচিৰাঙৰমানাহ ৰাষ্ট্ৰীয় উদ্যানৰ অন্তৰ্গত পাণবাৰী ৰেঞ্জৰ পৰা দেওবাৰে ওলাই অহা মেথোন এটাই উদ্যানখনৰ দাঁতি কাষৰীয়া অঞ্চলৰ ৰাইজৰ মাজত ত্ৰাসৰ সৃষ্টি কৰে ৷ বন বিভাগৰ প্ৰচেষ্টাক ব্যৰ্থ কৰি পাণবাৰী সাধুপাৰাত নিজ গৃহৰ চোতালত বহি থকা অৱস্থাত প্ৰায় ৬০ বছৰীয়া বৃদ্ধা সম্বাৰু বড়োক মেথোনটোৱে ভয়ানকভাৱে আক্ৰমণ কৰাত বৃদ্ধাগৰাকীৰ মুখমণ্ডলত আঘাতপ্ৰাপ্ত হয় ৷ তৎকালীনভাৱে বৃদ্ধা গৰাকীক পাণবাৰী ৰাজ্যিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদান কৰে চিকিৎসকে ৷ পৰৱৰ্তী সময়ত অৱস্থা গুৰুতৰ হোৱাত বিজনীৰ ভেটাগাঁও সমূহীয়া স্বাস্থ্যকেন্দ্ৰলৈ বৃদ্ধাগৰাকীক প্ৰেৰণ কৰা হয় ৷

চিৰাঙত মেথোনৰ আক্ৰমণত আহত দুজন

ইফালে বন বিভাগ আৰু পাণবাৰী আৰক্ষীয়ে বনৰীয়া মেথোনটোক মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ খেদি পঠিয়াবলৈ চেষ্টা কৰে ৷ পুনৰ আবেলি প্ৰায় চাৰি বজাত মেথোনটোৱে আক্ৰমণ কৰে কৰ্তব্য়ৰত বন সুৰক্ষা কৰ্মী নেইছাৰাং বসুমতাৰীক ৷ বনকৰ্মী জনকো ততালিকে পাণবাৰী ৰাজ্যিক চিকিৎসালয়লৈ প্ৰেৰণ কৰি চিকিৎসা প্ৰদান কৰা হয় ৷ সম্প্ৰতি মেথোনটোৱে পাণবাৰী গাঁৱৰ এজন লোকৰ ঘৰৰ পিছফালে আশ্ৰয় লৈ আছে ।

লগতে চাওকঃধেমাজিত পিষ্টলসহ ব্ৰাউন চুগাৰ জব্ধ

Last Updated : Apr 13, 2020, 12:22 PM IST

ABOUT THE AUTHOR

...view details