চিৰাঙ,2 ছেপ্তেম্বৰ : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ অক্সিগুৰিত সংঘটিত হৈছে বনৰীয়া হাতী হত্যাকাণ্ডৰ ঘটনা । মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা প্ৰায় ৪০ বছৰীয়া নিহত বনৰীয়া মাইকী হাতী জনীৰ গাত গুলীবিদ্ধ হোৱাৰ চিন স্পষ্ট হোৱাৰ লগতে ওচৰত উদ্ধাৰ হৈছে দুটাকৈ গুলীৰ খালি কাৰ্টিজ ।
ভাৰত-ভূটান সীমান্তৰ দেউশ্ৰীৰ অক্সিগুৰিত বন্যহস্তীৰ হত্যা - মানাস ৰাষ্ট্ৰীয় উদ্যান
চোৰাং চিকাৰীয়ে হত্যা কৰাৰ সন্দেহ প্ৰকাশ বন বিভাগৰ ৷ আৰক্ষী আৰু বন বিভাগৰ চোৰাংচিকাৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৷
চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে জনায় যে, মঙলবাৰে নিশাই সংঘটিত হোৱা হাতীটোৰ হত্যা কাণ্ডৰ তথ্য পোহৰলৈ আহে বুধবাৰে দুপৰীয়াৰ ভাগত। তাৰ পিচতে বন বিভাগৰ লোক ঘটনাস্থলীত উপস্থিত হয়। মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা পশু চিকিৎসকৰ দল ঘটনা স্থলিত উপস্থিত হৈ মৃত হাতীজনীৰ মৰণোত্তৰ পৰীক্ষা কৰে ৷ ইপিনে বুধবাৰে নিশাই সৎকাৰৰ ব্যৱস্থা কৰিব বন বিভাগে । আনহাতে বন বিভাগৰ লোকে বনৰীয়া হাতী জনীক কোনে কিয় হত্যা কৰিলে এই বিষয়ে অভিযান অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ।
উল্লেখযোগ্য যে, কিছুদিন পূৰ্বে বন বিভাগ আৰু আৰক্ষীয়ে যৌথ ভাৱে অভিযান চলাই চাৰিটা হাতী দাঁতৰ লগতে দুজনকৈ লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল । আৰক্ষী বন বিভাগে অভিযান অব্যাহত ৰখাৰ মাজতে পুনৰ পোহৰলৈ আহিছে বন্য হস্তীৰ আন এক হত্যা কাণ্ডৰ ঘটনা । মুঠতে মানাস ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বনৰীয়া হাতী হত্যাৰ বিষয়টো বন বিভাগৰ লগতে চিৰাং জিলাৰ ভাৰত-ভূটান সীমান্তত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।
লগতে পঢ়কঃপৃথিৱীৰাজ নাৰায়ণ দেৱ মেচক UPPL ৰ পৰা অব্যাহতি এক নাটক