অসম

assam

By

Published : Sep 17, 2020, 9:27 PM IST

ETV Bharat / state

চিৰাঙত বন্যহস্তীয়ে ভাঙি চূৰমাৰ কৰিলে 10টা বাসগৃহ

চিৰাং জিলাৰ বিজনীৰ উত্তৰাঞ্চলৰ ভাৰত-ভূটান সীমান্তৰ মানাহ সংলগ্ন ১নং চিকাঝোৰাত বন্যহস্তীৰ তাণ্ডৱ ৷ বন্যহস্তীয়ে লণ্ড-ভণ্ড কৰে ১০ টাকৈ বাহগৃহ ৷ দীৰ্ঘদিনে অঞ্চলটোত বন্যহস্তীয়ে তাণ্ডৱ চলোৱাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷

Chirang wild elephant destroy houses
চিৰাঙত বন্যহস্তীয়ে ভাঙি চূৰমাৰ কৰিলে 10টা বাসগৃহ

চিৰাং,17ছেপ্টেম্বৰ : চিৰাং জিলাৰ বিজনী মহকুমাৰ পাণবাৰী থানাৰ অন্তৰ্গত ১নং চিকাঝোৰা গাঁৱত বন্যহস্তীৰ তাণ্ডৱ ৷ বনৰীয়া হাতীয়ে ১০টাকৈ বাসগৃহ ভাঙি চূৰমাৰ কৰাৰ লগতে নষ্ট কৰে বহু খাদ্য-সামগ্ৰী ৷ খাদ্যৰ অভাৱৰ বাবেই বনৰীয়া হাতীৰ জাকটোৱে বনাঞ্চলৰ পৰা জনাঞ্চললৈ গতি কৰাৰ সন্দেহ অঞ্চলবাসীৰ ৷

চিৰাঙত বন্যহস্তীয়ে ভাঙি চূৰমাৰ কৰিলে 10টা বাসগৃহ

উল্লেখ্য যে,নিশা আক্ৰমণ চলোৱা হাতীৰ জাকটোৰ পৰা কথমপি ৰক্ষা পৰে অঞ্চলটোৰ বহু লোক ৷ দীৰ্ঘদিনৰ পৰা চিৰাং জিলাৰ উত্তৰাঞ্চলত বিশেষকৈ ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চল সমুহত বন্যহস্তীয়ে ব্যাপক ক্ষতি কৰিছে বুলি সাংবাদিকৰ আগত প্ৰকাশ কৰে স্থানীয় ৰাইজে ৷ বিশেষকৈ বিষ্ণুপুৰ তথা ভূটান সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা বন্যহস্তীয়ে গ্ৰামাঞ্চলৰ লোকৰ মাজত সন্ত্ৰাস চলাই আহিছে ৷ কিন্তু এই ক্ষেত্ৰত বন বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ অঞ্চলবাসীৰ ৷

চিৰাঙত বন্যহস্তীয়ে ভাঙি চূৰমাৰ কৰিলে 10টা বাসগৃহ

অন্য এক খবৰৰ বাবে: হৰিনামৰ ধ্বনিৰে মুখৰিত মৰিগাঁৱৰ আকাশ

স্থানীয় ৰাইজৰ মন্তব্য অনুসৰি,মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বন্যহস্তী ৰুধিবলৈ কোনো ধৰনৰ ফেন্সিং বা প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বিভাগটোৱে ৷ যাৰ বাবে প্ৰতিদিনে বন্যহস্তীয়ে তাণ্ডৱ চলাই অঞ্চলটোত ৷

চিৰাঙত বন্যহস্তীয়ে ভাঙি চূৰমাৰ কৰিলে 10টা বাসগৃহ

ABOUT THE AUTHOR

...view details