অসম

assam

By

Published : Dec 19, 2020, 6:57 PM IST

ETV Bharat / state

চিৰাঙৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ

চিৰাঙত নিতৌ বৃদ্ধি পাইছে বন‍্য হস্তীৰ সন্ত্ৰাস, নিৰ্বিকাৰ বন বিভাগ তথা চৰকাৰ । বহু লোকৰ ঘৰ, খেতি বাৰী ধ্বংস কৰাৰ লগতে মৃত্যু মুখত পৰিছে একাংশ লোক ৷

চিৰাঙৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ
চিৰাঙৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ

চিৰাং,19 ডিচেম্বৰ :ৰাজ্যতশেষতীয়াকৈ বন্য হস্তীৰ সন্ত্ৰাস বৃদ্ধি পাৱলৈ ধৰিছে ৷ তাৰ সমান্তৰল ভাবে চিৰাঙতো বৃদ্ধি পাইছে বন‍্য হস্তীৰ সন্ত্ৰাস।

চিৰাঙৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ

উল্লেখযোগ্য যে, নিতৌ নিশা মানাহৰ পৰা ওলাই গ্ৰামাঞ্চলত প্ৰৱেশ কৰি সন্ত্ৰাস চলায় বন‍্য হস্তীয়ে। এই ক্ষেত্ৰত চৰকাৰ প্ৰশাসন তথা বন বিভাগ সম্পূৰ্ণ নিৰ্বিকাৰ ভূমিকা পালন কৰিছে ।

চিৰাঙৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ

ইপিনে বহুলোকৰ বন্য হস্তীৰ আক্ৰমণত প্ৰাণ যোৱাৰ লগতে, ঘৰ দুৱাৰকে আদি কৰি খেতি পথাৰ ধ্বংস কৰিছে । তাৰ পিচতো বন বিভাগে কোনো ব‍্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে ।

চিৰাঙৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ

উল্লেখযোগ্য যে, যোৱা নিশা চিৰাঙৰ বিজনীৰ বিষ্ণুপুৰ আৰু ২নং অগ্ৰঙত হাতীয়ে কেইবাটাও ঘৰ ভাঙি তহিলং কৰে। জ্যোতিষ চন্দ্ৰ ৰায় ভূৱন সৰকাৰ, গুৰুভক্ত সৰকাৰ ,ধীৰেন্দ্ৰ মণ্ডল আৰু সুশীল বৰ্মনকে আদি কৰি কেইবাজনেও লোকৰ ঘৰ ভাঙি থৈ যায় বন‍্য হস্তীয়ে।

চিৰাঙৰ বিভিন্ন অঞ্চলত বন্য হস্তীৰ উপদ্ৰৱ

লগতে পঢ়কঃ নয়দাত অগ্নিকাণ্ডত মৃত্যু অৱসৰপ্ৰাপ্ত ব্ৰিগেডিয়াৰ সহ পত্নীৰ

ABOUT THE AUTHOR

...view details