অসম

assam

By

Published : Jul 14, 2019, 5:24 PM IST

ETV Bharat / state

চিৰাঙত বনৰীয়া হাতীৰ তাণ্ডৱ

চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৰ ৩ নং দৈলংঝাৰত শনিবাৰে নিশা বনৰীয়া হাতীৰ তাণ্ডৱ। প্ৰায় ১৫ টা ঘৰৰ ক্ষতিসাধন ।

চিৰাঙত বনৰীয়া হাতীৰ তাণ্ডৱ

চিৰাং,14জুলাইঃ চিৰাং জিলাৰ বিজনীৰ ভাৰত-ভূটান সীমান্তৱৰ্তী ৩নং দৈলংঝাৰত শনিবাৰে নিশা বনৰীয়া হাতীৰ জাকে তাণ্ডৱ চলাই ১২ ৰ পৰা ১৫ টাকৈ বাসগৃহৰ ব্যাপক ক্ষতি কৰে । অঞ্চলটোত প্ৰায় সপ্তাহ ধৰি চলি আছে বনৰীয়া হাতীৰ এই উপদ্ৰৱ । এফালে বৰষুণ, বান আনফালে বনৰীয়া হাতীৰ উপদ্ৰৱ । উল্লেখ্য যে শনিবাৰে নিশা মানাহৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ দলে অঞ্চলটোত সোমাই লণ্ড ভণ্ড কৰে কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ ঘৰ । অঞ্চলটোৰ ক্ৰমে দিলীপ মজুমদাৰ, বাবুল ৰায়, অসিৎ দাস, কুলজিৎ মণ্ডল, দেৱ দে তথা আন কেবাজনো লোকৰ বাসগৃহৰ ক্ষতি হয় ৷

চিৰাঙত বনৰীয়া হাতীৰ তাণ্ডৱ

ABOUT THE AUTHOR

...view details