চিৰাং, 21 ডিচেম্বৰ : চিৰাং জিলাৰ সীমান্তৱৰ্তী অঞ্চলসমূহত নিতৌ হস্তী-মানুহৰ সংঘাতৰ তথ্য পোহৰলৈ আহি আছে । আচলতে বন বিভাগে এই সংঘাত প্ৰতিৰোধৰ বাবে কি কৰিছে সেয়া এতিয়াও স্পষ্ট নহয় ।
কিন্তু জিলাখনৰ বিজনীৰ উত্তৰাঞ্চলত গ'লেই দেখিবলৈ পোৱা যায় প্ৰতিঘৰ লোকৰ লগে লগে পথৰ দাঁতিত ৰচীত পলিথিন মেৰীয়াই হাতী খেদাৰ বৃথা চেষ্টা । গাঁওবাসী উপায়ান্তৰ হৈ নিজে নিজেই কিছু পন্থা অৱলম্বন কৰি বন্যহস্তীৰ আক্ৰমণৰ পৰা নিজৰ লগতে ঘৰখন আৰু খেতি পথাৰ ৰক্ষাৰ চেষ্টা চলাইছে ।
ইতিমধ্যে বন্যহস্তীৰ আক্ৰমণত বহু লোকৰ প্ৰাণ গৈছে আৰু বহু লোক গৃহহাৰাও হৈছে ৷ প্ৰকৃতিপ্ৰেমী সংস্থা ডব্লিউ ডব্লিউ এফৰ এজন বিষয়াই হস্তী মানুহৰ সংঘাতৰ সম্পূৰ্ণ বিষয়টো সন্দৰ্ভত বৰ্ণনা কৰে ।