চিৰাং, 21 জানুৱাৰী :সমাগত গণতন্ত্ৰ দিৱস ৷ গণতন্ত্ৰ দিৱসৰ বাবে কটকটীয়া কৰি তোলা হৈছে ৰাজ্যৰ নিৰাপত্তা ব্যৱস্থা ৷ এই উপলক্ষে মঙলবাৰে অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্তই চিৰাঙত এখন বৈঠকৰ আয়োজন কৰি ৰাজ্যবাসীক আইনশৃঙ্খলা মানি গণতন্ত্ৰ দিৱস পালন কৰিবলৈ আহ্বান জনায় ৷
উল্লেখ্য যে, অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্তই মঙলবাৰে ভ্ৰমণ কৰে চিৰাং ৷ মহাপৰিদৰ্শকগৰাকীয়ে চিৰাং ভ্ৰমণ কৰি বিটিচিৰ চাৰি জিলা সহ ধুবুৰী, বঙাইগাঁও আৰু বৰপেটাৰ আৰক্ষী অধীক্ষকৰ লগতে সপ্তম অসম আৰক্ষী বাহিনীৰ কমাণ্ডেন্টৰ সৈতে এখন বৈঠকৰ আয়োজন কৰে ৷ বৈঠকত অসম আৰক্ষীৰ মহাপৰিদৰ্শক ভাষ্কৰজ্যোতি মহন্তই গণতন্ত্ৰ দিৱসত আইনশৃংখলা মানি চলাৰ লগতে উচ্চস্তৰীয় নিৰাপত্তা সন্দৰ্ভতো আলোচনা কৰে ৷ মহন্তই এনডিএফবি সন্দৰ্ভত কয় যে ,সকলো ফৈদকে আলোচনাৰ প্ৰক্ৰিয়ালৈ আহিবলৈ আহ্বান জনোৱা হৈছে ৷ অতি শীঘ্ৰে এনডিএফবিৰ নেতা বাথা আৰু বিদাইয়ো আলোচনাৰ মাজলৈ অহাৰ সম্ভৱনা আছে বুলি আশা প্ৰকাশ কৰে মহাপৰিদৰ্শকগৰাকীয়ে ৷ এই ক্ষেত্ৰত অসম পুলিচক সতৰ্ক হৈ সাজু হৈ থাকিবলৈ আহ্বান জনায় মহন্তই ৷