চিৰাং, 13 জুলাই : ৰাজ্যপালৰ শাসনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কৰা বিপিএফৰ আবেদন ন্যায়লয়ে নাকচ কৰাৰ পিছত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইউপিপিএলৰ উপ সভাপতি তথা বিটিচিৰ বিৰোধী দলপতি ৰৌনগৌৰা নাৰ্জাৰীয়ে ৷ উচ্চ ন্যায়ালয়ৰ এই ৰায়ক স্বাভাৱিক বুলি মন্তব্য কৰে ইউপিপিএলৰ নেতাজনে ।
উচ্চ ন্যায়ালয়ৰ আবেদন নাকচত ইউপিপিএলৰ প্ৰতিক্ৰিয়া - বিপিএফ
বিটিচিত ৰাজ্যপালৰ শাসন সন্দৰ্ভত ইউপিপিএল দলৰ উপ সভাপতি ৰৌনগৌৰা নাৰ্জাৰীৰ প্ৰতিক্ৰিয়া । বিটিচিৰ ৰাজ্যপালৰ শাসন সন্দৰ্ভত বিপিএফ দলে কৰা আবেদন নাকচ কৰিছে উচ্চ ন্যায়ালয়ে । উচ্চ ন্যায়ালয়ৰ নিৰ্দেশনাক আদৰণি জনাইছে ইউপিপিএল দলে ।
উচ্চ ন্যায়ালয়ৰ আবেদন নাকচত ইউপিপিএলৰ প্ৰতিক্ৰিয়া
ৰৌনগৌৰা নাৰ্জাৰীয়ে কয় যে, ‘‘আইনে নিজৰ দায়িত্ব পালন কৰিছে ৷ বিপিএফে আইন মানি চলা নাছিল ৷ আনকি উচ্চ ন্যায়লয়ৰ ওপৰতো বিপিএফে সন্দেহজনক চকু দি চাইছিল ৷ গতিকে তাৰেই আজি প্ৰতিফল পাইছি বিপিএফে ।’’
লগতে পঢ়ক : গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন বৈদ্যুতিক শ্মশান