চিৰাং,7 নৱেম্বৰঃ চিৰাং জিলাৰ ১৪ নং চিৰাং দুৱাৰ সমষ্টীৰ মধ্যম ৰুনিখাতা লিম্বু বস্তিত ইউপিপিএলৰ নিৰ্বাচনি সভা অনুষ্টিত হয়। বিশেষকৈ নেপালি আৰু আদীবাসী বসতি প্ৰধান এই অঞ্চলত ইউপিপিএলৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী( এন ডি এফ বিৰ প্ৰাক্তন সম্পাদক বি আৰ ফেৰেঙ্গা)ক সম্বৰ্ধনা জনোৱা হয় ৷ ইপিনে দলটোত উক্ত সভাতে শতাধিক লোকে যোগদান কৰে।
চিৰাঙৰ ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টিত ইউপিপিএলৰ নিৰ্বাচনি সভা - ৩৮ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল অবড়ো ভোটেৰে
যোগদান সভাত বিটিআৰ গোৰ্খা সমাজৰ কেইবাজনো নেতাৰ লগতে আদীবাসী সংগঠনৰো কেইজন মান নেতা উপস্থিত থাকে ইউপিপিএল নেতৃত্বৰ সৈতে। তিনি শতাধিক লোকৰ উপস্থিতিত প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে কয় যে, যোৱা ১৭ টা বছৰে বিপিএফৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু দমন নীতিত অতিষ্ঠ বড়ো-অবড়ো লোক সকলে আজি ইউপিপিএল দলত স্ব-ইচ্ছাই আহি যোগদান কৰে।
উক্ত যোগদান সভাত বিটিআৰ গোৰ্খা সমাজৰ কেইবাজনো নেতাৰ লগতে আদীবাসী সংগঠনৰো কেইজন মান নেতা উপস্থিত থাকে ইউপিপিএল নেতৃত্বৰ সৈতে। তিনি শতাধিক লোকৰ উপস্থিতিত প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰীয়ে কয় যে, যোৱা ১৭ টা বছৰে বিপিএফৰ দুৰ্নীতি ভ্ৰষ্টাচাৰ আৰু দমন নীতিত অতিষ্ঠ বড়ো-অবড়ো লোক সকলে আজি ইউপিপিএল দলত স্ব-ইচ্ছাই আহি যোগদান কৰে।
বিটিচিৰ প্ৰাক্তন উপ-মুখ্য খাম্পা বৰগয়াৰীয়ে এই সমষ্টীৰ লোক সকলৰ পৰা ভোট লয় আৰু থাকে কোকৰাঝাৰত । উন্নয়ন মূলক কাম কি হৈছে সীমান্তত, যত আজিও সীমান্তৰ গঞাই নদীৰ পানী খাবলগীয়া হয় বুলি কয় প্ৰাৰ্থী জনে। তেওঁ কয় যে এইবাৰ নিশ্চিত ভাৱে খাম্পা বৰগয়াৰী হাৰিব, কাৰণ যোৱাবাৰেই মাত্ৰ ৩৮ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল অবড়ো ভোটেৰে । এইবাৰ অবড়ো ভোট নাপায় খাম্পা বৰগয়াৰীয়ে । সেয়ে ইউপিপিএলৰ প্ৰাৰ্থীৰ বিজয় নিশ্চিত বুলি কয় ৰঞ্জিত বসুমতাৰীয়ে । আনহাতে উক্ত সভাতে কেইবাজনো গোৰ্খা নেতা আৰু আদীবাসী নেতাই বিটিচিত নেতৃত্বৰ পৰিৱৰ্তন বিচাৰি ইউপিপিএলক ভোটদানৰ আহ্বান জনায় ।
লগতে পঢ়কঃ কৃষক বিৰোধী আইনৰ বিৰুদ্ধে মঙলদৈত কংগ্ৰছৰ প্ৰতিবাদঃআটক তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং