অসম

assam

ETV Bharat / state

বিটিআৰ চুক্তিৰ আধাৰতে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছেঃ উৰ্খাউ গৌৰা ব্ৰহ্ম - উৰ্খাউ গৌৰা ব্ৰহ্ম

চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ ৰুনিখাতাৰ থাইকাঝোৰা ভূৰতিনালিত ইউপিপিএলৰ বিশাল নিৰ্বাচনী জন সভা । ইউপিপিএল দলৰ প্ৰতিষ্টাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই বুধবাৰে চিৰাঙৰ এক জন সভাত অংশগ্ৰহণ কৰি কয় যে, বিটিচি নিৰ্বাচনত ৰাজনৈতিক বাতাবৰণ এই বাৰ ইউপিপিএলৰহে দেখিবলৈ পোৱা গৈছে । জনগণে পৰিৱৰ্তনৰ স্বাৰ্থতে ইউপিপিএল দলক এইবাৰ ভোটদান কৰিব ।

chirang-uppl-election-meeting
বিটিআৰ চুক্তিৰ আধাৰতে এই বাৰ নিৰ্বাচন অনুষ্টিত হৈছেঃ উৰ্খাউ গৌৰা ব্ৰহ্ম

By

Published : Nov 25, 2020, 11:01 PM IST

চিৰাং,25 নৱেম্বৰঃবিটিআৰ অঞ্চলত বিটিচি নিৰ্বাচনক কেন্দ্ৰকৰি ইউপিপিএলৰ জোৱাৰ দেখিবলৈ পোৱা গৈছে । ইউপিপিএল দলৰ প্ৰতিষ্টাপক সভাপতি উৰ্খাউ গৌৰা ব্ৰহ্মই বুধবাৰে চিৰাঙৰ এক জন সভাত অংশগ্ৰহণ কৰি কয় যে, বিটিচি নিৰ্বাচনত ৰাজনৈতিক বাতাবৰণ এই বাৰ ইউপিপিএলৰহে দেখিবলৈ পোৱা গৈছে । জনগণে পৰিৱৰ্তনৰ স্বাৰ্থতে ইউপিপিএল দলক এইবাৰ ভোটদান কৰিব । বিটিআৰ চুক্তিৰ আধাৰত এই বাৰৰ বিটিচি নিৰ্বাচন অনুষ্ঠিত হৈছে । পৰিৱৰ্তনৰ বাবে বিটিআৰ ৰূপায়ণ কৰিবই লাগিব । বিপিএফ দলে বিটিআৰ ৰূপায়ণ কৰিব বিচৰা নাই বুলি কয় ব্ৰহ্মই । আন ৰাজনৈতিক দলবোৰৰ বিটিআৰ লৈ কোনো এজেণ্ডা নাই । কেৱল মাথো ইউপিপিএল দলে সু-স্পষ্ট নীতিৰে এই নিৰ্বাচনত নামিছে ।

বিটিআৰ চুক্তিৰ আধাৰতে এইবাৰ নিৰ্বাচন অনুষ্ঠিত হৈছেঃ উৰ্খাউ গৌৰা ব্ৰহ্ম

সেয়ে ৰাইজে বিটিআৰ চুক্তি ৰূপায়ণ আৰু পৰিৱৰ্তনৰ স্বাৰ্থত ৰাইজে এইবাৰ ইউপিপিএলক ভোটদানৰ বাবে আগবাঢ়ি আহিছে বুলি দাবী কৰে প্ৰতিষ্ঠাপক সভাপতি ব্ৰহ্মই । বিজেপিক লৈ ইউপিপিএল দল মুঠেই চিন্তিত নহয় । বিটিচিত ১/২ টা মানহে আসন পাব পাৰে বিজেপিয়ে। আগন্তক বিধান সভা নিৰ্বাচনৰ বাবেহে বিজেপিয়ে তৎপৰতা চলাই আছে। বিপিএফ-বিজেপিৰ সংঘাত কোনেও বুজি পোৱা নাই কাৰণ তেওঁলোকৰ মিত্ৰতা অব্যাহত আছে । ইউপিপিএলৰ বাবে কোনো দল বিটিচিত ফেক্টৰ নহয় বুলি স্পষ্ট কৰে উৰ্খাউ গৌৰা ব্ৰহ্মই । বিটিচিৰ প্ৰাক্তন উপ মুখ্য খাম্পা বৰগয়াৰীয়ে বিগত ১৭ বছৰে কোনো কাম নকৰাত আজি ইউপিপিএলক লৈ শংকিত হৈছে ৷ সেয়ে ইউপিপিএলৰ সভালৈ অহা লোকক খাম্পা বৰগয়াৰীয়ে বাধা প্ৰদানৰ অভিযোগ তুলিলে নেতা গৰাকীয়ে।

বিটিআৰ চুক্তিৰ আধাৰতে এই বাৰ নিৰ্বাচন অনুষ্টিত হৈছেঃ উৰ্খাউ গৌৰা ব্ৰহ্ম
ইপিনে আজি ইউপিপিএল দলৰ এই জন সভাত ১৪ নং চিৰাং দুৱাৰ পৰিষদীয় সমষ্টীৰ প্ৰাৰ্থী ৰঞ্জিত বসুমতাৰী(বি আৰ ফেৰেঙ্গা, এন ডি এফ বিৰ সাধাৰণ সম্পাদক)য়ে কয় যে, আজি প্ৰায় ১৫ হেজাৰ লোকে বিপিএফৰ বাধা নেওচি ইউপিপিএলৰ জন সভালৈ আহিছে । যোৱা নিশা বিপিএফৰ তথা খাম্পা বৰগয়াৰীৰ গুণ্ডা বাহিনী আৰু যুৱ বিপিএফৰ একাংশই আদীবাসী আৰু নেপালি বসতি প্ৰধান অঞ্চল সমূহত ঘৰে ঘৰে গৈ বাধা প্ৰদান কৰি ইউপিপিএলৰ জনসভালৈ গলে অসুবিধা হ’ব বুলি ভাবুকি প্ৰদানৰ পিচতো আজি ৰাইজ ওলাই আহিছে ।
বিটিআৰ চুক্তিৰ আধাৰতে এই বাৰ নিৰ্বাচন অনুষ্টিত হৈছেঃ উৰ্খাউ গৌৰা ব্ৰহ্ম

বিপিএফৰ দাদা গিৰি শেষৰ পিনে বুলি স্পষ্ট কৰে প্ৰাৰ্থী ফেৰেঙ্গাই । বিগত সময়ত বিপিএফে জাতীয় ভেদাভেদ আনি ৰাজত্ব কৰিছিল ঠিকেই; কিন্তু কোনো উন্নয়ণ নকৰিলে । এই বিষয়ত আৰক্ষীকো জনোৱা হৈছে বুলি কয় ফেৰেঙ্গাই । মুঠতে এইবাৰ খাম্পা বৰগয়াৰীয়ে পৰাজয় বৰণ কৰিব বুলি উল্লেখ কৰি কলে, যোৱাবাৰ মাত্ৰ ৩৮ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল খাম্পা বৰগয়াৰী ।

আনহাতে ইউপিপিএলৰ এই জনসভাত এবছুৰ সাধাৰণ সম্পাদক লৰেঞ্চ ইচলাৰী, সম্পাদক ফণীন বড়োকে ধৰি ইউপিপিএলৰ অন্যান্য কেবাজনো কেন্দ্ৰীয় নেতা উপস্থিত থাকে ৷

লগতে পঢ়কঃজৈৱিক পাচলিৰে শিক্ষাৰ্থীক মধ্যাহ্ন ভোজন যোগান টীয়কৰ বিদ্যালয়ত

ABOUT THE AUTHOR

...view details