অসম

assam

By

Published : Nov 17, 2020, 8:40 PM IST

ETV Bharat / state

চিৰাঙত ইউপিপিএলৰ জনসভা

আজি চিৰাং জিলাৰ কাজলগাঁৱত ইউপিপিএল দলৰ অনুষ্ঠিত হয় এখন পৰিৱৰ্তন জনসভা ৷ সভাত প্ৰমোদ বড়োৱে অংশগ্ৰহণ কৰি এইবাৰ বিটিচিত ইউপিপিএলৰ জয় নিশ্চিত বুলি মন্তব্য কৰে ৷

uppl-election-mass-gathering
চিৰাঙত ইউপিপিএলৰ জনসভা

চিৰাং,17নৱেম্বৰ: মংগলবাৰে চিৰাং জিলাৰ কাজলগাঁৱত ইউপিপিএল দলৰ অনুষ্ঠিত হয় এখন পৰিৱৰ্তন জনসভা । চাৰিটা ব্লক সমিতিৰ উদ্যোগত অনুষ্ঠিত হোৱা এই সভাত দলটোৰ সভাপতি প্ৰমোদ বড়োৱে উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ চলায়। প্ৰমোদ বড়োৱে সমদলত অংশগ্ৰহণ কৰি এইবাৰ ৩০খনতকৈ অধিক আসন লৈ বিটিচিত ইউপিপিএল দলে চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰে ।

বিটিচিত বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰ চলালে ইউপিপিএল দলৰ কোনো ক্ষতি নহয় ৷ বিগত ১৭ বছৰে বিটিচিত কৰা হাগ্ৰামাৰ দুৰ্নীতিৰ বিচাৰ হ'বলৈ গৈ আছে এইবাৰ বিটিচি নিৰ্বাচনত । বিটিচিৰ ৰাইজেই সিদ্ধান্ত লৈছে ইউপিপিএল দলৰ চৰকাৰৰ গঠন কৰিব আৰু বিটিচি বাসীয়ে ইয়াৰ বিচাৰ কৰিব বুলি মন্তব্য কৰে বড়োৱে ৷ প্ৰমোদ বড়োৰ মতে,ইউপিপিএল দল জয়ী হোৱাটো নিশ্চিত ।

চিৰাঙত ইউপিপিএলৰ জনসভা

অন্য এক খবৰৰ বাবে: তিব্বতৰ কথা চিন্তা কৰিব লাগে ভাৰতে

ইফালে,ইউপিপিএল দলৰ প্ৰতিষ্ঠাপক সভাপতি উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে,বিটিচিত বিজেপিয়ে নিজৰ দলৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাই আছে ৷ বিজেপি-বিপিএফ দলৰ সংঘাতত লাভান্বিত হ'ব ইউপিপিএল দল। ইউ পি পি এল দল কোনো শংকিত নহয়,কাৰণ বিপিএফ আৰু বিজেপিত সংঘাত আছে ৷

চিৰাঙত ইউপিপিএলৰ জনসভা

অন্য এক খবৰৰ বাবে: অপেক্ষাৰ অন্ত:বুধবাৰে মুকলি হ'ব ডিব্ৰুগড়ৰ বাইপাছ

ইউপিপিএল দলৰ চিৰাঙৰ চাৰিটাকৈ ব্লক কমিটীৰ উদ্যোগত অনুষ্ঠিত হোৱা এই জনসভাত দলটোৰ উপসভাপতি তথা কাজলগাঁও পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী ৰণগৌৰা নাৰ্জাৰীয়ে সঞ্চালনা কৰে ৷ এই সভাত দলটোৰ কেইবাজনো কেন্দ্ৰীয় নেতাৰ লগতে প্ৰায় ২০ হেজাৰ লোকে অংশগ্ৰহণ কৰে ।

চিৰাঙত ইউপিপিএলৰ জনসভা

ABOUT THE AUTHOR

...view details