অসম

assam

"দুৰ্নীতি আৰু চন্দন ব্ৰহ্ম এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি"-প্ৰমোদ বড়ো

বুধবাৰে ইউপি পি এলৰ নেতৃত্বই চিৰাং জিলাৰ তিনি ঠাইত ক্ৰমে বিজনীৰ পানবাৰী, বামুনগাঁও আৰু ভাৰত-ভূটান সীমান্তৰ থাইকাঝোৰাত ইউ পি পি এলৰ নিৰ্বাচনী সভাত অংশ লয় ৷ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় এবছুৰ সভাপতি প্ৰমোদ বড়োৱেও ৷

By

Published : Apr 10, 2019, 11:19 PM IST

Published : Apr 10, 2019, 11:19 PM IST

Updated : Apr 11, 2019, 12:36 AM IST

ETV Bharat / state

"দুৰ্নীতি আৰু চন্দন ব্ৰহ্ম এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি"-প্ৰমোদ বড়ো

ইউপি পি এলৰ নিৰ্বাচনী প্ৰচাৰ

চিৰাং,10 এপ্ৰিল: বুধবাৰে চিৰাঙৰ বামুনগাঁৱত ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ ইউ পি পি এল দলৰ প্ৰাৰ্থী উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশ লয় এবছুৰ সভাপতি প্ৰমোদ বড়োৱে । এই সভাতে হাগ্ৰামা আৰু নৱ শৰনীয়াৰ ওপৰত ক্ষোভ প্ৰকাশ কৰে এবছুৰ সভাপতিগৰাকীয়ে৷ প্ৰমোদ বড়োৱে কয় যে বিটিএডিত হাগ্ৰামা মহিলাৰীয়ে ১৭ বছৰৰ অপশাসন, দুৰ্নীতি, অহংকাৰী তথা ভোটাৰক ভয়-ভীতি প্ৰদৰ্শন কৰি চলিব বিচৰাক সকলো পৰ্য্যায়ৰ লোকে বুজি পাইছে যাৰ বাবে মানুহে তেওঁক অৱজ্ঞা কৰা পৰিলক্ষিত হৈছে ।

ইউপি পি এলৰ নিৰ্বাচনী প্ৰচাৰ

একেদৰে কোনো উন্নয়ন মূলক কাম বা কোনো ভাল চিন্তা নোহোৱাকৈ বড়ো-অবড়ো মাজত সংঘাত লগাই আৰু ভয় দেখুৱাই নৱ শৰনীয়াই অবড়ো লোকৰ ভোট ল'ব বিচাৰিছে বুলি মন্তব্য কৰে এবছুৰ সভাপতি প্ৰমোদ বড়োৱে ৷ আনহাতে প্ৰমোদ বড়োয়ে মন্ত্ৰী চন্দন ব্ৰহ্মৰ ডেৰশ কোটিৰ দুৰ্নিতিৰ বিষয়ে উল্লেখ কৰি দুৰ্নীতি আৰু চন্দন ব্ৰহ্ম এটা মুদ্ৰাৰ ইপিঠি সিপিঠি বুলি মন্তব্য কৰে ৷ ইপিনে উৰ্খাউ গৌৰা ব্ৰহ্মৰ হৈ প্ৰচাৰ চলাই সভাত উপস্থিত থকা সকলোকে উৰ্খাউ গৌৰা ব্ৰহ্মক ভোট প্ৰদান কৰিবলৈ আহ্বান জনায় এবছুৰ সভাপতিগৰাকীয়ে ৷ উল্লেখ্য যে ইউপি পি এলৰ নেতৃত্বই চিৰাং জিলাৰ তিনি ঠাইত ক্ৰমে বিজনীৰ পানবাৰী, বামুনগাঁও আৰু ভাৰত-ভূটান সীমান্তৰ থাইকাঝোৰাত ইউ পি পি এলৰ নিৰ্বাচনী সভাত অংশ লয় ৷

Last Updated : Apr 11, 2019, 12:36 AM IST

ABOUT THE AUTHOR

...view details