চিৰাঙ,20 মাৰ্চঃ বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত ইউপিপিএল দলত মোক্ষম আঘাত । দলটোৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সভাপতি হানিফ আলীৰ বিপিএফত যোগদান । শনিবাৰে কাজলগাঁৱত আয়োজিত এক যোগদান সভাত মন্ত্ৰী চন্দন ব্ৰহ্মৰ ওচৰত বিপিএফত যোগদান কৰে । বিজেপিৰে ইউপিপিএল দলৰ মিত্ৰতাৰ বিৰোধিতাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে নেতাজনে । তেওঁ কয় যে, যি বিজেপিয়ে দম্ভালি মাৰি সভাই সমিতিয়ে কয় যে, সংখ্যালঘুৰ ভোট নালাগে বুলি সেই বিজেপি দলক কিদৰে ভোটদান কৰিব বুলি কয় হানিফ আলীয়ে । সেয়ে তেখেতে বিপিএফত যোগদান কৰি মহাজোঁটৰ হৈ কাম কৰি যোৱাৰ কথা কয় ।
ইউপিপিএলৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সভাপতিৰ বিপিএফত যোগদান - মন্ত্ৰী চন্দন ব্ৰহ্ম
ইউপিপিএল দলৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সভাপতি হানিফ আলীৰ বিপিএফত যোগদান । আজি চিৰাং জিলাৰ কাজলগাঁৱত আয়োজিত এক যোগদান অনুষ্ঠানত মন্ত্ৰী চন্দন ব্ৰহ্মৰ ওচৰত আনুষ্ঠানিকভাৱে যোগদান কৰে সভাপতিজনে ।
![ইউপিপিএলৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সভাপতিৰ বিপিএফত যোগদান ইউপিপিএলৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সভাপতিৰ বিপিএফত যোগদান](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-11092109-816-11092109-1616259811850.jpg)
ইউপিপিএলৰ সংখ্যালঘু কোষৰ কেন্দ্ৰীয় সভাপতিৰ বিপিএফত যোগদান
এই যোগদান অনুষ্ঠানত ইউপিপিএল দলৰ চিদলী সমষ্টিৰ অন্তৰ্গত কোকৰাঝাৰ জিলাৰ ছালাকাটি পৰিষদীয় সমষ্টিৰ ডেৰ শতাধিক ইউপিপিএল দলৰ শাখা সমিতিৰ নেতা কৰ্মীয়ে বিপিএফত যোগদান কৰে । এই যোগদানৰ পিচতে মন্ত্ৰী চন্দন ব্ৰহ্মই কয় যে চিদলী সমষ্টিৰ সৰ্বত্ৰে বিপিএফ দললৈ যোগদানৰ জোৱাৰ উঠিছে । ৬ এপ্ৰিলত তৃতীয় পৰ্যায়ৰ বিধানসভা নিৰ্বাচনত চিদলী সমষ্টি নিৰ্বাচন অনুষ্ঠিত হ’ব । তেতিয়া বুজিব পৰা যাব কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হ’ব ।
লগতে পঢ়কঃঅমিয় কুমাৰ ভূঞাৰ হৈ মন্ত্ৰী হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ