অসম

assam

ETV Bharat / state

হাগ্ৰামাক সংযত হোৱাৰ আহ্বান প্ৰমোদ বড়োৰ - হাগ্ৰামা মহিলাৰী

বিজনীৰ এখন সভাত হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক বেপাৰী তথা বড়ো জাতিৰ ঠিকা দিয়া নাই বুলি মন্তব্য কৰাৰ বিপৰীতে আজি চিৰাং জিলাৰ বিজনীৰ ভেটাগাঁৱৰ বিজনী জিলা ইউপিপিএলে আয়োজন কৰা এখন সভাত উপস্থিত থাকি সেই কথাৰ প্ৰত্যুত্তৰ দিয়ে প্ৰমোদ বড়োৱে

হাগ্ৰামাক সংযত হোৱাৰ আহ্বান প্ৰমোদ বড়োৰ
হাগ্ৰামাক সংযত হোৱাৰ আহ্বান প্ৰমোদ বড়োৰ

By

Published : Mar 6, 2020, 3:16 PM IST

Updated : Mar 6, 2020, 3:26 PM IST

চিৰাং, 6 মাৰ্চঃআজি চিৰাং জিলাৰ বিজনীৰ ভেটাগাঁৱৰ বিজনী জিলা ইউপিপিএলে আয়োজন কৰা এখন সভাত উপস্থিত হয় ইউপিপিএলৰ সভাপতি প্ৰমোদ বড়ো ৷ কালি বিজনীৰ এখন সভাত হাগ্ৰামা মহিলাৰীয়ে প্ৰমোদ বড়োক বেপাৰী তথা বড়ো জাতিৰ ঠিকা দিয়া নাই বুলি মন্তব্য কৰাৰ বিপৰীতে আজি হাগ্ৰামা মহিলাৰীক সেই কথাৰ প্ৰত্যুত্তৰ দিলে প্ৰমোদ বড়োৱে ৷ এই সভাত প্ৰমোদ বড়োৰ লগতে, বিজনী জিলা ইউপিপিএলৰ সভাপতি তথা সুবাইঝাৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ গুণেশ্বৰ গয়াৰীৰ লগতে উপস্থিত থাকে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সন্তোস কুমাৰ খাকলাৰী ৷ বিজনীৰ ভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাঁচ শতাধিক এই অনুষ্ঠানত ইউপিপিএল দলত যোগদান কৰে ৷

হাগ্ৰামাক সংযত হোৱাৰ আহ্বান প্ৰমোদ বড়োৰ
Last Updated : Mar 6, 2020, 3:26 PM IST

ABOUT THE AUTHOR

...view details