বৰপথাৰ, 6 মাৰ্চঃআজি চিৰাং জিলাৰ বৰপথাৰত অনুষ্ঠিত হয় প্ৰাক্তন আলফা ঐক্যমঞ্চৰ সাধাৰন সভা ৷ অবিভক্ত বঙাইগাঁও জিলাৰ প্ৰাক্তন আলফা ঐক্যমঞ্চৰ এই সাধাৰণ সভাত উপস্থিত থাকে আলফা নেতা অনুপ চেতিয়া ৷ সংযুক্ত মুক্তিবাহিনী অসমৰ সৈতে অসম-ভাৰত সংঘাত দূৰ কৰাৰ কাৰনে ভাৰত চৰকাৰৰ সৈতে যি আলোচনা চলি আছিল সেয়া প্ৰায় অন্তিম পৰ্যায়ত আছে বুলি মন্তব্য কৰে অনুপ চেতিয়াই ৷ লগতে ৬ নং দফাৰ যি প্ৰতিবেদন দাখিল কৰিছে তাৰ ইনাৰ লাইন পাৰ্মিটৰ বিষয়টো নস্যাৎ কৰিছে যদিও আন বিষয় সমূহ ঠিকে আছে বুলিও মন্তব্য কৰে আলফা নেতাগৰাকীয়ে ৷
চিৰাং জিলাৰ বৰপথাৰ আলফা ঐক্যমঞ্চৰ সভা - বৰপথাৰ
অবিভক্ত বঙাইগাঁও জিলাৰ প্ৰাক্তন আলফা ঐক্যমঞ্চৰ দ্বাৰা আজি চিৰাং জিলাৰ বৰপথাৰত অনুষ্ঠিত হয় এখন সভা ৷ এই সাধাৰণ সভাত উপস্থিত থাকে আলফা নেতা অনুপ চেতিয়া ৷ অনুষ্ঠানত এখন ৩২ জনীয়া কমিটী গঠন কৰে সদস্যসকলে ৷
চিৰাং জিলাৰ বৰপথাৰ আলফা ঐক্যমঞ্চৰ সভা
এই অনুষ্ঠানৰ পতাকা উত্তোলন কৰে আলোচনান্থী আলফাৰ সদস্য অমৰজিৎ গগৈয়ে আৰু তৰ্পন কাৰ্যসূচী ৰূপায়ণ কৰে প্ৰাক্তন আলফা ঐক্যমঞ্চৰ কেন্দ্ৰীয় সদস্য নন্তেশ্বৰ ৰায়ে ৷ অবিভক্ত বঙাইগাঁও জিলাৰ প্ৰাক্তন আলফা ঐক্যমঞ্চৰ কমিটি গঠন কৰি সভাপতি হিচাপে উদয় ব্ৰহ্ম, সম্পাদক হিতেশ বৰ্মনক, উপ-সভাপতি দিলীপ ৰায় আৰু উপদেষ্টা হিচাপে কবিন ৰায়সহ এখন ৩২ জনীয়া কমিটী গঠন কৰে ।
লগতে পঢ়কঃ হাগ্ৰামাক সংযত হোৱাৰ আহ্বান প্ৰমোদ বড়োৰ
Last Updated : Mar 6, 2020, 5:36 PM IST