অসম

assam

ETV Bharat / state

চিৰাঙত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ সহ দুই ডকাইত - মাৰণাস্ত্ৰ সহ দুই ডকাইত গ্ৰেপ্তাৰ

চিৰাঙৰ চিদলীত আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ সহ দুই ডকাইত গ্ৰেপ্তাৰ । আগন্তক গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ জিলাখনত আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তুলা হৈছে ৷ এই কথা জানিবলৈ দিয়ে চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে ৷

চিৰাঙত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ সহ দুই ডকাইত
চিৰাঙত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ সহ দুই ডকাইত

By

Published : Jan 23, 2020, 11:45 PM IST

চিৰাং, 23 জানুৱাৰীঃ চিৰাঙৰ চিদলীত আৰক্ষীৰ অভিযানত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ দুই ডকাইত ৷ গণৰাজ্য দিৱস উপলক্ষে সমগ্ৰ জিলাখনত আৰক্ষীৰ কটকটীয়া নিৰাপত্তা ব্যৱস্থা ৷ যোৱা নিশা জিলাখনৰ চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে চলোৱা এক অভিযানত নাইন এমএম পিষ্টল, এটা মেগাজিন, চাৰিটা সজিৱ গুলী আৰু দুটা ম’বাইল ফোনৰ সৈতে এজন যুৱকক আটক কৰিবলৈ সক্ষম হয় । আটক কৰা যুৱক জনৰ নাম ৰিংসাৰ দৈমাৰী ওৰফে জুদাশ ওৰফে ৰাহুল ওৰফে মিথুআল (২২) বুলি জনায় আৰক্ষীয়ে ।

আটক কৰা যুৱক জনক সোধ-পোচ কৰাত কোকৰাঝাৰৰ দোতমাৰ পৰা চাৰি চকীয়া এখন এএচ 01 বিএইচ 5892 নম্বৰৰ ৱাগনাৰ বাহনৰ লগতে অলম্বাৰ বসুমাতাৰী নামৰ আন এজন যুৱকক দুটা ম’বাইলৰ সৈতে আটক কৰিবলৈ সক্ষম হয় ৷

চিৰাঙত মাৰণাস্ত্ৰ সহ গ্ৰেপ্তাৰ সহ দুই ডকাইত

উল্লেখ্য যে, কেইদিনপূৰ্বে ডকাইতৰ এটা দলে চিৰাং জিলাৰ বিজনীৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথ পৰা ৱাগনাৰ বাহন এখন ভাড়াত লৈছিল । তাৰ পিছতে বাহনৰ চালকৰ চকুত কাপোৰ বান্ধি আৰু হাত ভৰি বান্ধি চিদলী থানাৰ অন্তৰ্গত 31 নং ৰাষ্ট্ৰীয় ঘাইপথত এৰি দিয়ে আৰু ডকাইতে বাহনখন লৈ পলায়ন কৰে । তাৰ পিছতে বাহন চালকে চিদলী থানাত এখন গোচৰ ৰুজু কৰিছিল আৰু সেই মতে চিদলী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ঋতুজ্যোতি নাথে চিদলী থানাত এই সন্দৰ্ভত ভাৰতীয় দণ্ডবিধিৰ 392 ধাৰাত 63/2019 নম্বৰৰ গোচৰ পঞ্জীয়ন কৰে । তাৰ পিচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছিল ।

উক্ত গোচৰৰ তদন্ত মৰ্মেই চিদলী আৰক্ষীয়ে বৃহস্পতিবাৰে দুজনলোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰু লোক দুজনৰ বিৰুদ্ধে ০৩/২০২০ নম্বৰ ভাৰতীয় দণ্ডবিধিৰ ২৫(১-বি) অস্ত্ৰ আইনত গোচৰ পঞ্জীয়ন কৰে ।

ABOUT THE AUTHOR

...view details