চিৰাং, 3 আগষ্ট : চিৰাঙত (Chirang) চোৰাং চিকাৰীৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । ভাৰত-ভূটান সীমান্তৰ ১৮২/৩ ছেক্টৰত এই অভিযান বন বিভাগৰ । মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ কুকলুং বনাঞ্চলৰ ভিতৰত চাৰিটাকৈ বন্দুক আৰু তিনিটা দুষ্প্ৰাপ্য কাছসহ দুটা চিকাৰী (poacher) গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলটো । অভিযানকাৰী দলটোৱে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা চিকাৰী দুটা সীমান্তৰ ১নং দৰঙাৰ গেলেণ্ডা গয়াৰী আৰু শুক্লেশ্বৰ মুছাহাৰী বুলি জনায় চিৰাং বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ।
উল্লেখযোগ্য যে, সোমবাৰে উক্ত বনাঞ্চলখনত ৬ টাকৈ চোৰাং চিকাৰীৰ প্ৰৱেশৰ তথ্য লাভ কৰি বন বিভাগে চলাইছিল অভিযান । সোমবাৰৰ পৰা চলোৱা অভিযানৰ পাছত মঙলবাৰে বন বিভাগে সফলতা লাভ কৰিবলৈ সক্ষম হয় ৷ দুটা চোৰাং চিকাৰীক আটক কৰাৰ লগতে আন ৪ টা চিকাৰীক বিচাৰি বন বিভাগে অভিযান অব্যাহত ৰাখিছে বুলিও জনায় বন সংমণ্ডল বিষয়া ব্ৰহ্মানন্দ পাতিৰীয়ে ।