অসম

assam

ETV Bharat / state

চিৰাঙৰ দুই স্থানত মৃতদেহ উদ্ধাৰ - Dhaligaon police station

চিৰাঙত একেদিনাই দুই পৃথক স্থানত উদ্ধাৰ মৃতদেহ ৷ আইপোৱালি আৰু বৰতালোৱাত উদ্ধাৰ মৃতদেহ দুটা ৷

Chirang two deadbody recovered assam etv bharat news
চিৰাঙৰ দুই স্থানত মৃতদেহ উদ্ধাৰ

By

Published : May 29, 2021, 2:15 PM IST

চিৰাং,29 মে’:চিৰাঙৰ ৰুণিখাতা থানাৰ অন্তৰ্গত টুক্ৰাঝাৰৰ দুই নং আইপোৱালিৰ সমীপৰ আই নদীৰ পাৰত উদ্ধাৰ মৃতদেহ ৷ মৃতদেহটো স্থানীয় বাসিন্দা 60 ৰ ঊৰ্ধৰ মেনলা নাৰ্জাৰীৰ বুলি ইতিমধ্যে চিনাক্ত কৰা হৈছে ৷ লোকজনে শুকুৰবাৰে বিয়লি আই নদী পাৰ হোৱাৰ চেষ্টা চলাইছিল বুলি স্থানীয় লোকে ব্যক্ত কৰে ৷ উল্লেখ্য যে, বিগত কিছুদিন ধৰি চুবুৰীয়া ৰাষ্ট্ৰ ভূটানত হোৱা প্ৰবল বৰষুণৰ বাবে আইনদীৰ জলস্তৰ পূৰ্বৰ তুলনাত বৃদ্ধি হয় ৷ খৰস্ৰোতা নৈখন পাৰ হ’বলৈ লওঁতে বাঢ়নী পানীৰ সোঁতত পৰি ব্যক্তিগৰাকী উটি গৈ মৃত্যুক সাৱটি লোৱা বুলি সন্দেহ প্ৰকাশ কৰে স্থানীয় লোকে ৷ এই খবৰ লাভ কৰা মাত্ৰকে বেংতল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হাইদৰ আলী আহমেদ ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷

চিৰাঙৰ দুই স্থানত মৃতদেহ উদ্ধাৰ

ইপিনে, জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বৰতালোৱাতো শুকুৰবাৰে উদ্ধাৰ হয় আন এটা মৃতদেহ ৷ প্ৰাপ্ত তথ্য অনুসৰি, পশ্চিম বৰতালোৱাৰ এটা ভাড়াঘৰত উদ্ধাৰ কৰা হৈছে উক্ত মৃতদেহটো ৷ স্থানীয় লোকে ব্যক্ত কৰা অনুসৰি, উক্ত ঘৰটোত দীৰ্ঘদিনৰ পৰা বাস কৰি আহিছিল কেইগৰাকীমান আদিবাসী সম্প্ৰদায়ৰ লোকে ৷ প্ৰায় তিনিদিন পূৰ্বে এজন লোকৰ জ্বৰ হোৱাত বাকীসকলে ব্যক্তিগৰাকীক এৰি যায় ৷ পৰৱৰ্তী সময়ত ব্যক্তিগৰাকী সন্দৰ্ভত কোনো তথ্য লাভ নকৰে স্থানীয় লোকে ৷ পথৰ দাঁতিতে থকা ঘৰটোৰ পৰা দুৰ্গন্ধ ওলোৱাত স্থানীয় লোকে বিচাৰ-খোচাৰ কৰি বিচনাত প্ৰত্যক্ষ কৰে এটা মৃতদেহ ৷ স্থানীয় লোকে বিষয় সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে ৷ বৰ্তমানলৈকে মৃত লোকজনৰ কোনো পৰিচয় উদ্ধাৰ হোৱা নাই ৷

লগতে চাওকঃস্বাস্থ্য বিভাগৰ অনুমতি পালেই ছেবাই অনুষ্ঠিত কৰিব পৰীক্ষা

ABOUT THE AUTHOR

...view details