চিৰাং,5নৱেম্বৰ: চিৰাঙত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । জিলাখনৰ ঢালিগাঁও থানাৰ অন্তৰ্গত ভেৰভেৰি পথত এখন যাত্ৰী কঢ়িওৱা বাহনৰ পৰা ড্ৰাগছসহ দুজন লোকক আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷ আটকাধীন ড্ৰাগছ সৰৱৰাহকাৰী দুটা কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱৰ জয়মাৰ ফঙল কমল ৰায় আৰু চিৰাঙৰ হাশ্ৰাওবাৰীৰ নিত্যানন্দ ৰায় বুলি জানিব পৰা গৈছে ৷
চিৰাঙত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুই সৰৱৰাহকাৰী - ড্ৰাগছ
ঢালিগাঁও থানাৰ অন্তৰ্গত ভেৰভেৰি পথৰ পৰা চিৰাং আৰক্ষীয়ে ড্ৰাগছ সহ গ্ৰেপ্তাৰ কৰে দুটা ড্ৰাগছ সৰৱৰাহকাৰীক ৷ সৰৱৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ড্ৰাগছসহ ভূটানী আৰু ভাৰতীয় নোট উদ্ধাৰ কৰে ৷
চিৰাঙত ড্ৰাগছ সহ গ্ৰেপ্তাৰ দুজন
চিৰাং জিলা আৰক্ষী অধিক্ষক সুধাকৰ সিঙে প্ৰকাশ কৰা তথ্য অনুসৰি, সৰৱৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে ড্ৰাগছৰ চাৰিটা প্লাষ্টিকৰ কন্টেইনাৰৰ লগতে ম'বাইল ফোন, কিছু পৰিমানৰ ভূটানী আৰু ভাৰতীয় টকাও উদ্ধাৰ কৰে ।
অন্য এক খবৰৰ বাবে: ধেমাজিত আৰক্ষীৰ হাতৰ পৰাই চোৰে লুটি নিলে নগদ 10লাখ টকা