চিৰাং , ১২ জানুৱাৰী: চিৰাং জিলাত কাঠৰ অবৈধ সৰবৰাহৰ বিৰুদ্ধে বন বিভাগৰ অভিযান । এই অভিযানত মঙলবাৰে চিৰাঙৰ কাজলগাঁৱৰ পৰা বন বিভাগে জব্দ কৰিলে এখন খয়েৰ কাঠ ভৰ্তি ট্ৰাক । HR-37D-5661 নম্বৰৰ খয়েৰ কাঠ ভৰ্তি ট্ৰাকখন জব্দ কৰাৰ লগতে দুজন লোকক আটক কৰিছে চিৰাং বন বিভাগে । লোক দুজন ক্ৰমে হাৰিয়ানাৰ মন্দিপ সিং আৰু গুৰজিন্দৰ সিং। দুয়োজনকে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে বন বিভাগে । উল্লেখ যে, ডিমাপুৰৰ পৰা অনা বুলি ভুৱা চালান দেখুৱাই চিৰাঙৰ পৰা অবৈধভাৱে হাৰিয়ানালৈ লৈ যোৱাৰ চেষ্টা চলাইছিল খয়েৰ কাঠ সমুহ ।
চিৰাঙত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ - বন বিভাগে
চিৰাঙত বন বিভাগৰ অভিযানত চোৰাং ভাৱে হাৰিয়ানা লৈ যোৱাৰ পথত খয়েৰ ভৰ্তি ট্ৰাক জব্দ লগতে আটক কৰিছে দুজনক । জব্দ হোৱা ট্ৰাকখনৰ নম্বৰ HR-37D-5661 ।
চিৰাঙত চোৰাং কাঠ ভৰ্তি ট্ৰাক জব্দ ,আটক দুজন
চিৰাঙৰ পৰা বহিঃৰাজ্যলৈ অবৈধ তথা চোৰাং ভাৱে খয়েৰ কাঠ প্ৰেৰণ কৰাৰ ঘটনা সংঘটিত হৈ আছে দীৰ্ঘ দিনৰ পৰাই । বন বিভাগে বহু কেইখন খয়েৰ ভৰ্তি গাড়ী পূৰ্বেও জব্দ কৰিছিল তাৰ পিছতো এইদৰেই একাংশই বিভিন্ন পন্থাৰে অব্যাহত ৰাখিছে খয়েৰ কাঠৰ অবৈধ সৰবৰাহ ।
লগতে পঢ়ক :মনীষা শৰ্মাক "মৰা পাগলাদিয়া সাহিত্য বঁটা" প্ৰদান