অসম

assam

ETV Bharat / state

চিৰাঙৰ বৰতালোৱাত চীন সীমান্তৰ শ্বহীদ বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলি - চিৰাঙৰ বৰতালোৱা

চিৰাঙৰ বৰতালোৱাত চীন সীমান্তত শ্বহীদ হোৱা বীৰ সেনা সকলৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন । ৰঙা চীনৰ আগ্ৰাসন ৰোধৰ বাবে চৰকাৰলৈ আহ্বান ৷

চিৰাঙৰ বৰতালোৱাত চীন সীমান্তত শ্বহীদ হোৱা বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলি
চিৰাঙৰ বৰতালোৱাত চীন সীমান্তত শ্বহীদ হোৱা বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলি

By

Published : Jun 21, 2020, 4:04 AM IST

চিৰাং, 21 জুনঃ ভাৰত-চীন সীমান্তত শ্বহীদ হোৱা বীৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলি আগবঢ়োৱা হয় চিৰাঙৰ বৰতালোৱাত ৷ বীৰ সৈনিকৰ স্মৃতিত বন্তি প্ৰজ্বলন কৰি চিৰাঙৰ বৰতালোৱা বজাৰত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে স্থানীয় ৰাইজে । বৰতালোৱা বজাৰ সমিতি আৰু সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান মুকলি কৰে চিৰাঙৰ প্ৰসাৰ ভাৰতীৰ প্ৰতিনিধি, জ্যেষ্ঠ সাংবাদিক কুঞ্জ মোহন ৰায়ে ।

বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলি

অনুষ্ঠানটোত বীৰ শ্বহীদ সকলৰ আত্মাৰ চিৰশান্তি কামনা কৰি এক মিনিট সময় মৌনতা অৱলম্বন কৰি শোক প্ৰকাশ কৰা হয় । অনুষ্ঠানটোত বেঙ্গলি যুৱ ছাত্ৰ ফেডাৰেচনৰ চিৰাং জিলা সমিতিৰ বিষয় ববীয়াৰ লগতে বৰতালোৱা বজাৰৰ দোকানি সন্থাৰ সভাপতি, সম্পাদক জয়নাল হুচেইন, উপ সভাপতি ছাহানুৰ ৰহমান, বৰতালোৱা মছজিদৰ সভাপতি আলহাজ কাজিমুদ্দিন আহমেদ সহ স্থানীয় ৰাইজৰ লগতে সাংবাদিক সকলো উপস্থিত আছিল ৷

শ্বহীদ বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলি

শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত সকলো লোকেই এক মুখে ভাৰতীয় সেনাক সহায়ৰ বাবে সেনাত যোগদানৰ বাবে প্ৰস্তুত হৈ থকাৰ কথা জনোৱাৰ লগতে ৰঙা চীনৰ আগ্ৰাসন ৰোধৰ বাবে চৰকাৰক আহ্বান জনায় ৷

উল্লেখ্য যে, 15 জুনৰ নিশা লাডাখৰ চীনা সীমান্তৰ গালোৱানত ভাৰতীয় সেনা আৰু চীনা সেনাৰ মাজত হোৱা হতা হতিত 20 গৰাকী ভাৰতীয় সেনা শ্বহীদ হৈছিল ৷ সেই শ্বহীদ সকলৰ স্মৰণতে আজি নগাঁওত শ্ৰদ্ধাঞ্জলী অনুষ্ঠানটোৰ আয়োজন কৰা হৈছিল ৷ আনহাতে চীনৰ এই বৰ্বৰতাৰ পাচত সমগ্ৰ দেশতে চীনৰ বিৰুদ্ধে প্ৰতিবাদ হোৱাৰ লগতে বিভিন্ন লোক, সংগঠনে চীনা সামগ্ৰী বৰ্জনৰ বাবে আহ্বান জনাইছে ৷

চিৰাঙৰ বৰতালোৱাত চীন সীমান্তত শ্বহীদ হোৱা বীৰ সেনালৈ শ্ৰদ্ধাঞ্জলি

লগতে পঢ়কঃ ইউপিৰ ডায়েল১১২ৰ কৰ্মচাৰীৰ দেহত ক'ভিড-১৯ পজিটিভঃ ৪৮ ঘণ্টালৈ বন্ধ কাৰ্যালয়

ABOUT THE AUTHOR

...view details