আটাছুৰ মিলন বুঢ়াগোঁহাঞিক সকীয়নি চিৰাং ট্ৰাইবেল সংঘৰ
চিৰাং জিলা ট্ৰাইবেল সংঘৰ প্ৰতিক্ৰিয়া । আটাছুৰ যুটীয়া সম্পাদকে সংবাদ মাধ্যম যোগে ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধানক অশালীন ভাষাৰে কৰা আক্ৰমণৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ট্ৰাইবেল সংঘই ৷
চিৰাং, 11 চেপ্তেম্বৰঃআটাছুৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাইয়ে বিগত ৯ ছেপ্টেম্বৰত এটা চেনেলত ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাখলাৰীক আটাছুৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোঁহাঞিয়ে দালাল আখ্যা দিয়া কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে ট্ৰাইবেল সংঘৰ চিৰাং জিলা সমিতিয়ে। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত চিৰাং জিলা ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰীয়ে কয় যে আটাছু নেতাজনৰ এই মন্তব্য তেওঁলোকৰ দৃষ্টিগোচৰ হৈছে আৰু ভৱিষ্যতে যদি সেইজন নেতাই পুনৰ এনেকুৱা মন্তব্য দিয়ে তেন্তে আইনী ব্যৱস্থা ল’বলৈ বাধ্য হ’ব ট্ৰাইবেল সংঘ।