অসম

assam

ETV Bharat / state

ট্ৰেফিক ছিগনেল নোহোৱাকৈ চলিছে ছাপাগুৰিৰ এটা ব্যস্ত চাৰিআলি

চিৰাং জিলাৰ ছাপাগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথ চাৰিআলিৰ ট্ৰেফিক ছিগনেল নোহোৱাকৈ আছে বিগত প্ৰায় পা‍ঁচ মাহ। ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰণৰো নাই কোনো গুৰুত্ব ।

By

Published : Jun 22, 2020, 11:05 AM IST

Updated : Jun 22, 2020, 11:36 AM IST

ট্ৰেফিক ছিগনেল নোহোৱাকৈ চলিছে ছাপাগুৰিৰ এটা ব্যস্ত চাৰিআলি
ট্ৰেফিক ছিগনেল নোহোৱাকৈ চলিছে ছাপাগুৰিৰ এটা ব্যস্ত চাৰিআলি

চিৰাং, 22 জুনঃচিৰাঙৰৰাষ্ট্ৰীয় ঘাই পথত থকা ট্ৰেফিক ছিগনেল বেয়া হৈ আছে বিগত প্ৰায় পাঁচ মাহৰ পৰা । চিৰাং জিলাৰ ছাপাগুৰি চাৰিআলি চকৰ এটা ভয়ানক দৃশ্য। দুখন জিলাৰ কেন্দ্ৰ বিন্দু এই ছাপাগুৰি চাৰিআলি ।

চিৰাঙৰ ছাপাগুৰিৰ এটা ব্যস্ত চাৰিআলি

চিৰাং আৰু বঙাইগাঁও জিলাৰ সংযোগ স্থল সেয়ে স্বাভাৱিকতেই সকলো দিশতে এই ঠাইত যথেষ্ট ভিৰ হয় । তাৰ পিচতো প্ৰায় পাঁচ মাহৰ পৰা ট্ৰেফিক ছিগনেল বেয়া হৈ আছে এই ব্যস্ততম তথা স্পৰ্শকাতৰ অঞ্চলটোত ৷ চাৰিআলিটোত থকা ট্ৰেফিক ছিগনেল বেয়া হোৱাৰ ফলত যিকোনো মূহুৰ্তত ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে স্থানীয় লোকসকলে ৷

ট্ৰেফিক ছিগনেল নোহোৱাকৈ চলিছে ছাপাগুৰিৰ এটা ব্যস্ত চাৰিআলি

ইফালে ট্ৰেফিক ছিগনেল বেয়া হোৱাৰ ফলত দিনে চাৰি/পাঁচ জনকৈ যান বাহন নিয়ন্ত্ৰণ শাখাৰ জোৱানে পৰিশ্ৰম কৰি কৰ্তব‍্য সম্পাদন কৰিবলগা হৈছে ৷ প্ৰায়ে সেই স্থানত দুৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ মাথো ট্ৰেফিক ছিগনেল বেয়া হোৱাৰ বাবেই এই দুৰ্ঘটনাৰ হাৰ বৃদ্ধি পোৱা বুলি সন্দেহ কৰা হৈছে । এই ক্ষেত্ৰত ৰাষ্ট্ৰীয় ঘাই পথত টোলগেট বহুৱাই টকা সংগ্ৰহ কৰা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে কোনো ব‍্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই ।

বিগত প্ৰায় পাঁচ মাহৰ পৰা বেয়া হৈ আছে ট্ৰেফিক ছিগনেল

এই ছাপাগুৰি চাৰিআলিৰ কাষতেই অসম চৰকাৰৰ পৰ্যটন আৰু জনজাতীয় উন্নয়ন বিভাগৰ মন্ত্ৰী চন্দন ব্ৰহ্মৰ ঘৰ। তাৰ পিচতো কোনো ব‍্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই।

লগতে চাওকঃ মানৱ সম্পদৰ সেৱাত নিয়োজিত এদল যোদ্ধা

Last Updated : Jun 22, 2020, 11:36 AM IST

ABOUT THE AUTHOR

...view details