চিৰাং, ৬ অক্টোবৰ :চিৰাং জিলাৰ চিদলী-চিৰাং উন্নয়ন খণ্ডৰ অধীনৰ কাশীকোত্ৰাৰ হাইনাৰী গাঁওখনে চলিত বছৰৰ গণৰাজ্য দিৱসত চিৰাং জিলা প্ৰশাসনৰ পৰা স্বচ্ছ গাঁও (Clean Village) হিচাপে স্বীকৃতি লাভ কৰাৰ পাছত গাঁওখনত স্বচ্ছতাৰ দ্বিতীয় বৰ্ষপূৰ্তি পালন কৰা হয় । উল্লেখ্য যে, গাঁওখনত বিগত ২০১৯ চনৰ ৫ অক্টোবৰৰ পৰাই স্বচ্ছতা অনাৰ বাবে গাঁওবাসীয়ে প্ৰতিটো দেওবাৰে স্বচ্ছ অভিযানৰ (Swachh Abhiyan) অংশস্বৰূপে পথৰ দাঁতিত গছপুলি, ফুল আদি ৰোপণ কৰাৰ লগতে চাফ-চিকুণকৈ ৰখাৰ ব্যৱস্থা কৰি আহিছে ।
স্বচ্ছতাৰ দুবছৰ উপলক্ষ্যে হাইনাৰী গাঁৱৰ সামুহিক ভৱনত আয়োজিত সভাত স্থানীয় বিধায়ক জয়ন্ত বসুমতাৰী উপস্থিত থাকে । বিধায়কগৰাকীয়ে হাইনাৰী গাঁৱৰ লোকসকলে স্বচ্ছতাৰ দিশত লোৱা পদক্ষেপক শলাগ লয় আৰু জিলা প্ৰশাসনে স্বীকৃতি প্ৰদান কৰাত আনন্দ প্ৰকাশ কৰে । তেওঁ আন গাঁৱৰ লোকসকলক এই গাঁওখন পৰিদৰ্শন কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে হাইনাৰী গাঁৱক অনুসৰণ কৰিবলৈ আহ্বান জনায় ।
অনাগত দিনত গাঁওখনক বিভিন্ন ধৰণে সহায় কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বিধায়ক জয়ন্ত বসুমতাৰীয়ে । সংবাদ মাধ্যমৰ আগত চিদলীৰ বিধায়ক জয়ন্ত বসুমতাৰীয়ে চিৰাঙৰ হাইনাৰী গাঁওখন একমাত্ৰ স্বচ্ছ গাঁও বুলি অভিহিত কৰি ভৱিষ্যতে অধিক সা-সুবিধা উপলব্ধ গাঁও হিচাপে গঢ় দিয়াত গুৰুত্ব দিয়াৰ কথা ব্যক্ত কৰে ।