অসম

assam

By

Published : Mar 10, 2019, 9:16 PM IST

ETV Bharat / state

চিৰাঙত নিৰুদ্দেশ ছাত্ৰ

নিজ ঘৰৰ পৰা নিৰুদ্দেশ ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ

চিৰাঙত নিৰুদ্দেশ ছাত্ৰ


চিৰাং,১০মাৰ্চ: চিৰাঙৰ বিজনীত অঘটন । চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত 2 নং ভেটাগাওঁৰ পৰা শনিবাৰে নিৰুদ্দেশ হয় ষষ্ঠ শ্ৰেণীৰ ছাত্ৰ শ্ৰৱন কুমাৰ ৰাভা । বিজনীজিচাছ মেৰী বিদ্যালয়ৰ ছাত্ৰ আছিল শ্ৰৱন কুমাৰ ৰাভা । সীমান্তৰ সুৰক্ষা বাহিনীত কৰ্মৰত দ্বীপেন চন্দ্ৰ ৰাভাৰ একমাত্ৰ সন্তান শ্ৰৱন । শনিবাৰে লগৰীয়াৰ লগত খেলি থকা সময়ত পঢ়িবলৈ কোৱাত খংত ঘৰৰ পৰা ওলাই যায় ছাত্ৰজন । ইতিমধ্যেই ঘটনা সন্দৰ্ভত শ্ৰৱনৰ পিতৃ-মাতৃয়ে বিজনী থানাত দাখিল কৰিছে এজাহাৰ ।

চিৰাঙত নিৰুদ্দেশ ছাত্ৰ


নিৰুদ্দেশ হোৱা সময়ত ছাত্ৰজনে ক'লা ট্ৰেক আৰু ৰঙা টি চাৰ্ট পিন্ধি আছিল বুলি জনাইপৰিয়ালৰ লোকে । লগতে যদি কোনো ব্যাক্তিয়ে ছাত্ৰজনৰ সম্ভেদ পালে9101314393 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছেপৰিয়ালৰ লোকে । ছাত্ৰজনৰ গাৰ বৰণবগা আৰু উচ্চতা 4.5 ফুট ।

ABOUT THE AUTHOR

...view details