অসম

assam

ETV Bharat / state

চিৰাঙৰ কিশোৰ কুমাৰক চিনি পায়নে ?

সৰুতেই পিতৃ মাতৃক হেৰুৱাই লোকৰ ঘৰত ডাঙৰ দীঘল হোৱা জহৰ উদ্দিনৰ পৰিয়াল বুলি কোনো নাই ৷ অকলশৰীয়া জহৰ উদ্দিনৰ বাবে ৰাইজেই পৰিয়াল ৷ বাটে পথে,বজাৰে সমাৰে গান গাই ৰাইজক মনোৰঞ্জন দিয়ে জহৰ উদ্দিনে,তাৰ বিনিময়ত ৰাইজে মৰম কৰি দিয়া টকাৰে এসাজ খায়।

চিৰাঙৰ কিশোৰ কুমাৰক চিনি পায়নে ?

By

Published : Sep 29, 2019, 12:03 AM IST

Updated : Sep 29, 2019, 12:26 AM IST

চিৰাং, 28 ছেপ্টেম্বৰঃ চিৰাঙত কিশোৰ কুমাৰ,জিতুল সোনোৱাল আৰু কুমাৰ ভৱেশৰ সংগীতানুষ্ঠান....ইটোৰ পিচত সিটো জনপ্ৰিয় গীত তিনিওজন শিল্পীৰ ৷ বাটৰ বাটৰুৱাই ৰৈ ৰৈ শুনিছে সেই সুমধুৰ গীতসমূহ.....

চিৰাঙৰ কিশোৰ কুমাৰক চিনি পাইনে ?

তেখেত চিৰাঙৰ কিশোৰ কুমাৰ। কণ্ঠত যাদু লৈ বাটে পথে, বজাৰে সমাৰে ঘূৰি ঘূৰি গান গাই ফুৰে লোকজনে ৷ সৰুৰে পৰা গান গোৱাৰ চখ আছিল ব্যক্তিজনৰ ৷ ষাঠিৰ দশকৰ পৰা আৰম্ভ কৰি বৰ্তমানৰ বহু শিল্পীৰ গীত গাই মানুহৰ মন জয় কৰা এইজন জহৰ উদ্দিন ৷ ঘৰ চিৰাং জিলাৰ দাউখানগৰ ওদালগুৰি গেদাবজাৰত ৷ সৰুতেই পিতৃ মাতৃক হেৰুৱাই লোকৰ ঘৰত ডাঙৰ দীঘল হোৱা জহৰ উদ্দিনৰ পৰিয়াল বুলি কোনো নাই ৷ অকলশৰীয়া জহৰ উদ্দিনৰ বাবে ৰাইজেই পৰিয়াল ৷ বাটে পথে,বজাৰে সমাৰে গান গাই ৰাইজক মনোৰঞ্জন দিয়ে জহৰ উদ্দিনে,তাৰ বিনিময়ত ৰাইজে মৰম কৰি দিয়া টকাৰে এসাজ খায়। সকলোতে কিশোৰ কুমাৰ,জিতুল সোণোৱাল পৰা কুমাৰ ভৱেশলৈকে সকলোৰে গান গাই ৰাইজক আনন্দ দিয়ে তেওঁ ৷ চিৰাং জিলাৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া জিলা সমূহত প্ৰায়েই দেখিবলৈ পোৱা যায় এইজন লোকক ৷ এনেদৰেই গান গাই দুপইচা উপাৰ্জন কৰা জহৰ উদ্দিনৰ কণ্ঠ অবিকল কিশোৰৰ কুমাৰৰ দৰে ৷ এই পৃথিৱীত সকলোকে হেৰুৱাইও ৰাইজৰ মুখত হাঁহি বিৰিঙাই থকা জহৰ উদ্দিনৰ কাৰো প্ৰতি নাই কোনো ক্ষোভ ৷ মাথো গাই গৈছে ইটোৰ পিচত সিটো জনপ্ৰিয় গীত ৷

অকলশৰীয়া জহৰ উদ্দিনৰ ৰাইজেই পৰিয়াল
Last Updated : Sep 29, 2019, 12:26 AM IST

ABOUT THE AUTHOR

...view details