অসম

assam

By

Published : Apr 23, 2021, 5:46 PM IST

ETV Bharat / state

চিৰাঙত ষ্ট্ৰং ৰুম পৰিদৰ্শন আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানৰ

চিৰাঙৰ কাজলগাঁওস্থিত 31 নং চিদলী বিধানসভা সমষ্টিত শুকুৰবাৰে ষ্ট্ৰং ৰুমৰ নিৰাপত্তা পৰিস্থিতিৰ বুজ লয় অসম আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে । ষ্ট্ৰং ৰুমৰ নিৰাপত্তা ব্যৱস্থা তিনি তৰপীয়া আৰু চিচিটিভি কেমেৰাৰে আৱদ্ধ বুলি সংবাদ মাধ্যমযোগে সদৰি কৰে বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে ৷

strongroom visit
চিৰাঙত ষ্ট্ৰং ৰুম পৰিদৰ্শন

চিৰাং,23 এপ্ৰিল : চিৰাং জিলাৰ কাজলগাঁওস্থিত 31 নং চিদলী বিধানসভা সমষ্টিত শুকুৰবাৰে স্থায়ী ষ্ট্ৰং ৰুম পৰিদৰ্শন কৰে বিশেষ আৰক্ষী সঞ্চালক প্ৰধান এল আৰ বিষ্ণৈয়ে ৷ জিলা উপায়ুক্ত তথা নিৰ্বাচনী বিষয়া (ৰিটাৰ্ণীং বিষয়া) গৌতম তালুকদাৰ আৰু জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙৰ সহযোগত ষ্ট্ৰং ৰুমত নিয়োগ কৰা নিৰাপত্তা ব্যৱস্থাৰ বুজ লয় আৰক্ষীৰ বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে ৷

অসম আৰক্ষীৰ লগতে ৰাজনৈতিক দলৰ প্ৰতিনিধি, অগ্নিনিৰ্বাপক বাহিনীৰ লোক আৰু দণ্ডাধীশো নিয়োজিত আছে এই ষ্ট্ৰং ৰুমৰ নিৰাপত্তাত । সকলোৰে সৈতে মতবিনিময় কৰাৰ বিষয়েও জনায় বিষ্ণৈয়ে । তেওঁ কয় যে, উগ্ৰপন্থী সংগঠনৰ কূটাঘাতৰ বিষয়ে কোনো তথ্য নাই যদিও এই বিষয়ে কটকটীয়া নিৰাপত্তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে । ভোট গণনাৰ দিনা ক’ভিডক লৈ নীতি-নিয়ম কটকটীয়া কৰি তোলা হৈছে । এই ক্ষেত্ৰত অসম চৰকাৰৰ সকলো ধৰণৰ নীতি-নিৰ্দেশনা আহি পৰিছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷

চিৰাঙত ষ্ট্ৰং ৰুম পৰিদৰ্শন

ইফালে, জিলা উপায়ুক্ত গৌতম তালুকদাৰে ভোট গণনা সন্দৰ্ভত বিতং তথ্য জনোৱাৰ লগতে জিলাখনত ক’ভিডৰ শেহতীয়া তথ্যও প্ৰকাশ কৰে । জিলাখনত সক্ৰিয় ক’ভিড ৰোগীৰ সংখ্যা 100 গৰাকী অতিক্ৰম কৰাৰ পাচত জিলাখনত প্ৰাথমিক শিক্ষা বন্ধ কৰা কৰাৰ লগতে চৰকাৰৰ সকলো নীতি-নিৰ্দেশনা মানি লোৱা হ’ব ৷

চিৰাঙত ষ্ট্ৰং ৰুম পৰিদৰ্শন

আনহাতে, জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জিলাখনৰ নিৰাপত্তা, ষ্ট্ৰং ৰুমৰ নিৰাপত্তা আৰু ভোটগণনা সন্দৰ্ভত বিতং তথ্য আগবঢ়ায় । জিলাখনৰ কাজলগাঁৱত চিদলী সমষ্টিৰ ষ্ট্ৰং ৰুম আৰু বিজনী কলেজত বিজনী সমষ্টিৰ ষ্ট্ৰং ৰুমৰ বিষয়ে জনোৱাৰ লগতে ভোট গণনাৰ দিনা ল’বলগীয়া সতৰ্কতা সন্দৰ্ভতো সংবাদ মাধ্যমক অৱগত কৰে আৰক্ষী অধীক্ষক সিঙে ৷

লগতে পঢ়ক :চামগুৰিত চোৰাং গৰু ভৰ্তি ট্ৰাক জব্দ

ABOUT THE AUTHOR

...view details